Breaking

‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা লাভ কৰি কাকত গোষ্ঠীটোৰ দীৰ্ঘায়ু কামনা বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহৰ

0 43

“কাকত এখন যেতিয়া প্ৰলোভিত হয়, তেতিয়া কাকতখনে লক্ষ্যৰ পৰা বিচলিত হ’বই। গতানুগতিক হৈ কাকতখন যে চলাই নিব লাগে সেইটো নহয়। যি বিলাক জীৱন্ত সমস্যা আছে আৰু যি বিলাক সমস্যাৰ এই কথা ব্যক্ত কৰা হয় ইয়াক প্ৰতিফলিত কৰিব পাৰিব লাগে”- এই মন্তব্য পদ্মশ্ৰী ইমৰান শ্বাহৰ। নিজৰ নিভাজ কথাশিল্পৰ জড়িয়তে অসমৰ সাহিত্যৰ ভঁৰালটোক কটকটীয়া কৰাত উদগনি যোগাই অহা ইমৰান শ্বাহ এগৰাকী কবি, সাহিত্যিক, সাংবাদিক হোৱাৰ ওপৰি একেলেঠাৰীয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম উপত্যকা বঁটা প্ৰাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধীৰে বিভূষিত, কেন্দ্ৰীয় চৰকাৰৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত ইমৰান শ্বাহ আজিও এগৰাকী দুৰন্ত তৰুণ। এই গৰাকী দুৰন্ত তৰুণক এতিয়াও বয়সে বিচলিত কৰিব পৰা নাই।

‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে কাকতগোষ্ঠীৰ তৰফৰ পৰা অসমৰ বৰেণ্য ব্যক্তিসকলৰ লগতে বিভিন্ন দিশত কাম কৰি থকা বিশিষ্ট ব্যক্তিসকলক কাকতগোষ্ঠীৰ চৈধ্য বছৰীয়া পৰিক্ৰমাৰ অংশীদাৰ কৰাৰ লক্ষ্যৰে আয়োজন কৰা বিশেষ অনুষ্ঠানৰ যোগেদি বৰেণ্য কথাশ্লিল্পী ইমৰান শ্বাহক সোমবাৰে অংশীদাৰ কৰা হয়। ‘দৈনন্দিন কাকত গোষ্ঠী’ৰ প্ৰতিনিধি দলটোৱে সোমবাৰে পুৱাৰ ভাগত ইমৰান শ্বাহৰ শিৱসাগৰ নগৰৰ ধাইআলিৰ বাসগৃহত উপস্থিত হয়। স্বয়ং অসম সাহিত্য সভাৰ এই গৰাকী বৰ্ষীয়ান সভাপতি ইমৰান শ্বহে প্ৰতিনিধি দলটোক নিজ গৃহলৈ আদৰি নি আতিথ্য প্ৰদান কৰে।

কাকতগোষ্ঠীৰ তৰফৰ পৰা ইমৰান শ্বাহক গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সম্বৰ্ধনা পত্ৰ আৰু দৈনন্দিন বাৰ্তা কাকতগোষ্ঠীৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ডায়েৰী প্ৰদান কৰা হয়। দৈনন্দিজন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে উল্লেখ কৰে যে – ‘সাহিত্যিক হিচাপে নহয়, মই ছাত্ৰ অৱস্থাৰ পৰাই বেলেগ বেলেগ ধৰণে সাংবাদিক বা সাংবাদিকতাৰ যিটো ধাৰা ইয়াৰ সৈতে বিভিন্ন ধৰণে জড়িত। বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ দিনৰ পৰাই স্বনামধন্য সাংবাদিক তিলক হাজৰিকা, নিৰুধ চৌধুৰীৰ সৈতে মোৰ এক ভাল সৰ্ম্পক আছিল। সংবাদ পত্ৰৰ যিটো মাধ্যম ইয়াৰ সৈতে জনসাধাৰণৰ যিটো সম্বন্ধ আছে এই সম্বন্ধ কিন্তু আলোচনী বিলাকৰ সৈতে নাথাকে।

কম পঢ়া শুনা বা দৰিদ্ৰ মানুহৰ বাতৰি কাকতখনতেই তেওঁলোকৰ সীমা। এইসকল মানুহৰ ওচৰলৈ যাবলৈ মই সদায় যত্ন কৰি আহিছো আৰু সেই কাৰণেই মই তেনেদৰে লিখি আহিছো। বিগত সময়ত মই নিজেও ‘সোঁৱণশিৰি’ নাম দি এখন বাতৰি কাগজ উলিয়াবলৈ চেষ্টা কৰিছিলো। কিন্তু কাকতখন তিনি-চাৰিটা সংখ্যা প্ৰকাশ হোৱাৰ পিছতেই বন্ধ হৈ গ’ল। কিয় বন্ধ হ’ল আপোনালোকে অৱগত। যিহেতু ইয়াৰ সৈতে জড়িত হৈ আছে অৰ্থনীতিৰ বিষয়টো। আনহাতে এখন কাকতৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে অৰ্থনীতিৰ লগতে অন্য কিছুমান ফেক্টৰ আছে, যি বিলাকে কাগজখনক সদায় নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰে। এনেদৰে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰোঁতে কাকতখনৰ সম্পাদক বা তেওঁৰ সহযোগী সকলৰ বহু ক্ষেত্ৰত তেওঁলোকৰ ভুমিকাটো গৌণ হ’ব লগীয়া হয়। সেইটো হ’লে কাকতখনৰ নিজস্বতাটো নষ্ট হৈ যাব। ইয়াৰ বাবেই মই প্ৰকাশ কৰা কাকতখনৰ ধাৰাবাহিকতাটো ৰক্ষা কৰিব নোৱাৰিলো। আজি কালি এখন কাকত পৰিচালনা কৰিবৰ বাবে বহু টকা পইচাৰ কথা আহি পৰে। কাকতখন প্ৰকাশৰ ক্ষেত্ৰত বিজ্ঞাপনৰ ভুমিকা থাকে। কিন্তু এই বিজ্ঞাপনৰ দিশটোত প্ৰলোভিত হোৱাৰ সম্ভাৱনা সদায় থাকি যায়। কাকত এখন যেতিয়া প্ৰলোভিত হৈ তেতিয়া তেওঁলোকে লক্ষ্যৰ পৰা বিচলিত হ’বই। সেইটো লক্ষ্য ৰখাৰ প্ৰয়োজন। আনটো দিশ হৈছে যে কাকতখন গতানুগতিক হ’ব নালাগে। গতানুগতিক হৈ কাকতখন যে চলাই নিব লাগে সেইটো নহয়। যি বিলাক জীৱন্ত সমস্যা, যি বিলাক সমস্যাৰ বিষয়ে আমি ৰাজনৈতিক নেতাৰ পৰা জানিব নোৱাৰো আচলতে তেওঁলোকে এই সমস্যা বিলাক নুচুৱে। এই জীৱন্ত সমস্যা বিলাকৰ বহু আঁতৰত থাকিয়েই ৰাজনৈতিক নেতা বিলাকে বৰ ডাঙৰ ডাঙৰ কথা কোৱাৰ বাবে আমি প্ৰায়ে সেই বিলাকক সঁচা বুলিয়েই মানি লওঁ। কিন্তু আচল যি জনতা, যি সৰ্ব সাধাৰণ ৰাইজে বাসকৰা দেশখন আচলতে কৰবাতে থাকি যায়। বৰ্তমান আমাৰ এই একেই অৱস্থা হৈছে। আমি আমাৰ অসমৰ প্ৰকৃত ছবিখন নাপাম আৰু…’। এইখিনি সম্পাদন কৰাৰ ক্ষেত্ৰত কাকতত গধুৰ আৰু গভীৰ দায়িত্ব আহি পৰে বুলি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয়।

ইয়াৰ লগতে বিশিষ্ট কথাশিল্পী গৰাকীয়ে আলোকপ্ৰভঞ্জন ওৱেলফেয়াৰ চ’ছাইটি আৰু দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীক প্ৰশংসা কৰাৰ লগতে কাকতগোষ্ঠীটোৰ পৰিচালন সঞ্চালক শংকৰ গোহাঞিৰ প্ৰচেষ্টাত অসমৰ সংবাদ জগতত ‘দ্য আছাম ৰাইজিং’, ‘দৈনন্দিন বাৰ্তা’ আৰু ‘আলোকপ্ৰভঞ্জন’ কাকত তিনিখনৰ লগতে গোষ্ঠীটোৰ নৱতম ডিজিটেল সংযোজন ডি বি নিউজে যি ধাৰাবাহিকতা ৰক্ষা কৰি বাতৰি পৰিৱেশন কৰি আহিছে এই ধাৰাটোক ধৰি ৰাখিবৰ বাবে তেওঁ আহবান জনাই।

এই সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰে দৈনন্দিন বাৰ্তাৰ শিৱসাগৰস্থ জ্যেষ্ঠ সাংবাদিক ফিৰোজ খানে। উপস্থিত থাকি দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোহাঞি, আলোকপ্ৰৱঞ্চনৰ সম্পাদক কোমোদ নাথ, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া, শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ, বিশ্বনাথৰ সাংবাদিক ত্ৰিদ্বিপ বৰা, মৰিয়নিৰ কৃষ্ণ শৰ্মাৰ লগতে সমুদ্ৰজিৎ গগৈ আৰু দিলিস্থান খান।

Leave A Reply

Your email address will not be published.