Breaking

নিশা প্ৰচণ্ড ধুমুহাত নগৰবেৰাত প্ৰকাণ্ড গছ উভালি পৰিল চলন্ত মালবাহী বাহনত…

0 19

নিশা প্ৰচণ্ড ধুমুহাত নগৰবেৰাত চলিল তাণ্ডৱ! প্ৰকাণ্ড এডাল গছ উভালি পৰিল এখন চলন্ত মালবাহী বাহনত। গছৰ তলত বাহন আৱদ্ধ হৈ পৰাত সকলোৰে মাজত হুৱাদুৱা লাগে, যুদ্ধকালীন ক্ষীপ্ৰতাৰে নগৰবেৰা থানাৰ আৰক্ষীয়ে হাতে হাতে দা, কুঠাৰ লৈ চলায় উদ্ধাৰ অভিযান। নগৰবেৰাৰ মণ্ডলপাৰাত এই অঘটন, সন্ধিয়া এখন সৰু মালবাহী বাহনেৰে চফিউৰ আলী নামৰ চালকজনে এঘৰৰ সামগ্ৰী কঢ়িয়াই উভটিব লওঁতেই এই দুৰ্ঘটনা হয়। বতাহত প্ৰকাণ্ড গছ এডাল উভালি চলন্ত বাহন খনৰ ওপৰত পৰি যোৱাৰ ফলত বাহনসহ চালকজন আৱদ্ধ হৈ পৰে গছৰ চেপাঁত।

চালক চফিউৰ আলীক বাহনখনৰ কেবিনে হেঁচা মাৰি ধৰাত গুৰুতৰভাবে আহত হয়, খবৰ পাই নগৰবেৰা আৰক্ষী থানাৰ অ’চি লাবণ্য বড়োৰ নেতৃত্বত এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দা, কুঠাৰ লৈ যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলায়।জোৰকৈ বৰষুণ দি থকাৰ বাবেই উদ্ধাৰ কাৰ্যত বিজুতি ঘটে যদিও থমকি ৰোৱা নাছিল উদ্ধাৰ কাৰ্য, বহু প্ৰচেষ্টাৰ অন্তত বাহনসহ চালক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।অৱশেষত গুৰুতৰভাৱে আহত চালক জনক ততালিকে চিকিৎসাৰ বাবে নগৰবেৰা খণ্ড প্ৰাঃ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। নগৰবেৰাৰ কেবা স্থানতো ৰাজপথৰ ওপৰতেই গছ বাগৰি পৰাত যাতায়ত বিঘ্নিত হোৱাৰ সমান্তৰালকৈ বিদ্যুত যোগানো ব্যাহত হয়, আউল লাগে জন জীৱনতো।

Leave A Reply

Your email address will not be published.