বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত দনকিনামাৰীৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ দুজন যুৱকক আটক কৰে৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই জানিবলৈ দিয়া মতে দনকিনামাৰী বজাৰৰ পৰা কিছু ভিতৰৰ গাঁৱত বহুদিন ধৰি  ড্ৰাগছৰ সৰবৰাহ চলি আছিল আৰু এই তথ্য লাভ কৰি বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায়৷ আৰক্ষীৰ পোচাকত আৰু অসামৰিক পোচাকত যোৱা আৰক্ষীৰ দলে ছাইদুল ইছলাম (৩০) আৰু ৰহিম বাদশ্বাহ (৩৬) নামৰ যুৱক দুজনক আটক কৰাৰ লগতে ধৃত যুৱক দুজনৰ পৰা ৩৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷

লগতে এ এছ ১৬ ই ২৬৬৭ নম্বৰৰ এখন ২২০ পালচাৰ মটৰ চাইকেল আৰু দুটা মোবাইলো জব্দ কৰে ৷ আৰক্ষীয়ে জব্দ কৰা কণ্টেইটাৰ কেইটাত মুঠ ৫৫ গ্ৰাম ব্ৰাউন চুগাৰ আছিল ৷ আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে ড্ৰাগছৰ বেহাৰ লগত আৰু দুজনমান জড়িত আছে যদিও মূল ব্যক্তিজন পলাতক অৱস্থাত আছে ৷ জব্দকৃত ব্ৰাউন চুগাৰৰ এটা কণ্টেইনাৰ সম্প্ৰতি দুহেজাৰ টকাকৈ বিক্ৰী হয় বুলি ধৃত যুৱকে প্ৰকাশ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দি তদন্ত অব্যাহত ৰখা বুলি কয় ৷ ধৃত ছাইদুল ইছলামৰলঘৰ চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত আৰু ৰহিম বাদশ্বাহৰ ঘৰ বাঘমাৰাত বুলি জানিব পৰা গৈছে ৷

Related Articles