দেৰগাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

দেৰগাঁৱৰ বৃহত্তৰ কাকডোঙাৰ অগ্ৰণী ক্ৰীড়া সংন্থা গোহাঁইমেৰ ক্ৰীড়া সন্থাৰ উদ্যোগত পাৰলিগুৰি খেলপথাৰত ২৪ জানুৱাৰী পৰা আয়োজন কৰা মাইনতদ্দিন গাঁওবুঢ়া সোঁৱৰণী আমন্ত্ৰণ মূলক ফুটবল প্ৰতিযোগিতা খনি ২৬ জানুৱাৰী দিনা চূড়ান্ত খেলখন অনুষ্ঠিত হয়। উজনি অসমৰ আগশাৰী চাৰিটা ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত বোকাখাত ৰাধাবাৰী ফুটবল একাদশ আৰু যোৰহাট ৰেডিয়ান ফুটবল একাদশৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

আপকুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তীয়ে উদ্বোধন কৰা খেলখনি বোকাখাত ৰাধাবাৰী ফুটবল একাদশে যোৰহাট ৰেডিয়ান ফুটবল একাদশক ১-০ গলত পৰাস্ত কৰি চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

Related Articles