Breaking

দেৰগাঁৱত দুটাকৈ আঁচনিৰ শুভকাৰ্য সমাপন

0 1,031

দেৰগাঁও সমষ্টিৰ অধীনত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ যোৰহাট সমষ্টিৰ অন্তৰ্গত দুটাকৈ স্থানত ২৬ ডিচেম্বৰত ভিন্ন আচনিৰ শুভকাৰ্য্য সমাপন কৰে মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। মূখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে বৰমুকলিস্থিত লাখেৰাজ জনজাতি হাইস্কুলত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৫ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰিব লগা অত্যাধুনিক শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে স্বায়ত্ব শাসিত পৰিষদৰ ৮ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা বাঁহফলা মূৰংঘৰটি শুভ উদ্বোধন কৰে।

যোৰহাট মিচিং স্বায়ত্বশাসিত পৰিষদীয় সমষ্টিৰ সদস্য তথা কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেৰ উপস্থিতিত সমাপন হোৱা অনুষ্ঠানকেইটিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি গাঁৱৰ কৃষ্টি দলে ঢোলে দগৰে উষ্ম আদৰণি জনাই।এই উপলক্ষে লাখেৰাজ জনজাতি হাইস্কুলৰ চৌহদত এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰাই বিদ্যালয় খনৰ বিভিন্ন সমস্যা সম্বলিত এখনি স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক প্ৰদান কৰে।

বিদ্যালয়ৰ শিক্ষক দিলীপ পেগুৱে আঁতধৰা আৰু শিক্ষক দীপক কুমাৰ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানত যোৰহাট জিলা সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি কুশল পেগু, এম এম কেৰ প্ৰতিষ্ঠাপক (টানি টেকাৰ) তৰাচন পেগু , বি.জে.পি যোৰহাট জিলাৰ জনজাতি কোষৰ সভাপতি বিজয় কছাৰী, এম এম কে যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচং, টি এম পি কেৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিছঙকে ধৰি বহুসংখ্যক গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.