Breaking

ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ প্ৰতিটো আঞ্চলিক, প্ৰাথমিক শাখা আৰু সত্ৰ, মঠ-মন্দিৰ আদিত আজি পৱিত্ৰ ভাদমহীয়া নাম প্ৰসংগৰে হল মুখৰিত

0 1,545

আজি ভাদ মাহৰ প্ৰথমটো দিন।সেইয়ে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমৰ প্ৰতিটো জিলাত অৱস্থিত নামঘৰ,মঠ-মন্দিৰ আৰু সত্ৰ সমূহত হৰিৰ নামেৰে মুখৰিত হয়।দৈৱিক যুগৰ পৰা কথিত আছে যে এই ভাদৰ মাহত শ্ৰী কৃষ্ণৰ জন্ম গ্ৰহণ কৰিছিল।সেইয়ে এই ভাদৰ মাহটো পৱিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে অসমীয়া অসমবাসীয়ে ।

সেইয়ে আজি বঙাইগাঁও জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অভয়াপুৰী আঞ্চলিক শাখাৰ অন্তৰ্গত পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখাৰ নামঘৰত আই-মাতৃ আৰু শিশু কল্যান সমিতিৰ আই-মাতৃ সকলে আজিৰে মাহজোৰা নাম প্ৰসংগ আৰম্ভ কৰিছে।একেদৰে ৰামগড় প্ৰাথমিক শাখা,অভয়াপুৰী আৰু বোৱালীমাৰী প্ৰাথমিক শাখাতো নাম প্ৰসংগ কৰে।ইফালে বঙাইগাঁও আঞ্চলিক শাখাৰ ৺অনিল পাঠক প্ৰাথমিক শাখা ,জ্যোতি নগৰ আৰু দোলাইগাঁও প্ৰাথমিক শাখা ,বঙাইগাঁও আৰু ঢালিগাঁও আদি প্ৰাথমিক শাখাৰ লগতে সৃজনগ্ৰাম আঞ্চলিক শাখাৰ বেলতলী, ৰঙাপানীপাৰা ,নাৰিকলা, গুনীয়ালগুৰি,চেঁচাপানী, বটগুৰি আদি প্ৰাথমিক শাখাত ব্যাপক প্ৰস্তুতিৰে নাম প্ৰসংগ আৰম্ভ কৰিছে।আনহাতে কেইবাটাও সত্ৰ, মন্দিৰ আদিত নাম প্রসংগৰে হল মুখৰিত।

Leave A Reply

Your email address will not be published.