Breaking

গহপুৰত মহিলাৰ অৰ্দ্ধাকাশ নাট্য গোষ্ঠী গঠন

0 1,044

অসমৰ সাম্প্ৰতিক নাট্য আন্দোলনক শক্তিশালী ৰূপে গঢ় দিয়াৰ উদ্দেশ্য আৰু নাট মঞ্চস্থৰে নাৰী সমাজক জাগ্ৰত কৰাৰ লক্ষৰে গহপুৰৰ সোলেঙীত অৰ্দ্ধাকাশ নাট্য গোষ্ঠী গহপুৰ গঠন কৰা হয়। এই উপলক্ষে গহপুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভদ্ৰেশ্বৰী বৰাৰ সভাপতিত্বত হেম সোলেঙী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাৰ আঁত ধৰে সোলেঙী পথাৰ অগ্ৰণী মহিলা মৌচুমী শইকীয়াই।

উক্ত সভাত প্ৰবীণ অভিনেত্ৰী বিশিষ্ট সমাজসেৱিকা বিৰজা হাজৰিকা, ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তা মিতালী হাজৰিকা, মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী নিৰুমণি বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা অসম নাট্য সন্মিলনীৰ জিলা সদস্যা কিৰণ হাজৰিকা, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বৈজয়ন্তী নেওগ বৰা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বিজয়া দত্ত হাজৰিকাই বক্তব্য প্ৰদান কৰে।

মহেশ্বৰী ভূঞা, নিৰ্মালী ভূঞা বৰা, জ্যোৎস্না ৰাজখোৱা, নিৰ্মালী দত্ত, অঞ্জলী হাজৰিকা, জোনটি বৰা, পিংকী বৰা, ৰুমী শইকীয়া, ৰিতামণি বৰা, ৰাখী বৰা শইকীয়া, মামন শইকীয়া লিপিকা দত্ত ভূঞা, নিভা হাজৰিকা বৰুৱা, পল্লৱী বৰা, পলী শইকীয়াকে ধৰি বহু কেইগৰাকী নাট্যনুৰাগী মহিলাৰ উপস্থিতিত বিজয়া দত্ত হাজৰিকাক সভানেত্ৰী আৰু মৌচুমী শইকীয়াক সম্পাদিকা  হিচাপে লৈ অৰ্দ্ধাকাশ নাট্য গোষ্ঠী, গহপুৰৰ সমিতিখন গঠন কৰা হয়।

Leave A Reply

Your email address will not be published.