Football Tournament:গোৱালপাৰাত “মনোমহন দাস আৰু আৰ. আৰ. আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্ট-২০২৪”

দৈনন্দিন বাৰ্তা সেৱা গোৱালপাৰা,৩ অক্টোবৰ: (Football Tournament-2024)ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত ফুটবলৰ আই এছ এল ৰ জোৱাৰ উঠিছে চাৰিওপিনে। তাৰে মাজত আন আন বছৰৰ দৰে এইবেলিও গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি ক্লাৱৰ সহযোগত গোৱালপাৰাৰ বাপুজীনগৰস্থিত ৰূপজ্যোতি ক্লাৱৰ খেলপথাৰত “মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্টৰ আয়োজন কৰিছে। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩২ খনকৈ ক্লাৱৰ অংশগ্ৰহণৰে যাকযমকতাৰে আৰম্ভ হৈছে ফুটবল টুৰ্নামেন্টখন। ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ খেল সম্পূৰ্ণ হৈ দ্বিতীয় ৰাউণ্ডৰ খেল চলি আছে।

বৃহস্পতিবাৰ আবেলি ৩ মান বজাত বিষ্ণুৰাভা ক্লাবৰ আৰু লক্ষীপুৰ ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হাইভল্টেজ দ্বিতীয় ৰাউণ্ডৰ খেলখনত লক্ষীপুৰ ক্ৰীড়া সন্থাই ৩-২ গোলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি তৃতীয় ৰাউণ্ডলৈ প্ৰৱেশ কৰে। খেলখনৰ আৰম্ভণিতে প্ৰায় ৯ মিনিটত লক্ষীপুৰৰ বিপক্ষে প্ৰথম গোল সাব্যস্ত কৰিবলৈ সক্ষম হয় বিষ্ণুৰাভা ক্লাবৰ দলৰ খেলুৱৈ। পৰৱৰ্তী ৬ মিনিটৰ পিছত লক্ষীপুৰ দলৰ খেলুৱৈ ১৫ মিনিটত সুনিল কুমাৰ ৰাভাই ৰংজুলী দলৰ বিপক্ষে গোল সাব্যস্ত কৰি স্কোৰ সমপৰ্যায়লৈ আহে।

পৰবৰ্তী সময়ত আকৌ ২২ মিনিটত বিষ্ণুৰাভা ক্লাব খেলুৱৈ লক্ষীপুৰ ক্ৰীড়া সন্থাৰ বিপক্ষে গোল সাব্যস্ত কৰি বিষ্ণুৰাভা ক্লাব‌ অগ্ৰগতি কৰে যদিও ঠিক ৩ মিনিট পিছত লক্ষীপুৰৰ হৈ দ্বিতীয় গোল অনসুমা নাৰজাৰী ২৫ মিনিটত আৰু খাটছেং মাৰাকে ৩০ মিনিটত তৃতীয় গোলৰে বিষ্ণুৰাভা ক্লাবৰ বিপক্ষে সাব্যস্ত কৰি লক্ষীপুৰ ক্ৰীড়া সন্থাৰ বিজয় নিশ্চিত কৰে। উক্ত খেলৰ সময়ত লক্ষীপুৰ ক্ৰীড়া সন্থাৰ দলটোৰ সৈতে উপস্থিত থাকে লক্ষীপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ছানী হাছান। সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ প্ৰকাশ কৰে যে লক্ষীপুৰ ক্ৰীড়া সন্থাৰ খেলুৱৈ সকল যথেষ্ঠ আত্মবিশ্বাসী হৈ আছে আৰু প্ৰশিক্ষক নৱজীৎ দৈমাৰীৰ অধিনত কঠোৰ অনুশীলন কৰি থকাৰ বাবে লক্ষীপুৰ ক্ৰীড়া সন্থা দল জয় হৈ আছে। সেইকাৰণে তেওঁ আত্মবিশ্বাসী যে যুৱ দলটোৰ কঠোৰ অনুশীলনে ফাইনেল লৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব আৰু আগন্তুক হ’বলগীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীত সুন্দৰ প্ৰদৰ্শন কৰিব বুলি বিশ্বাসী।

Related Articles