ভাৰতবৰ্ষত যোৱা ১১ মাহত ১,৬৮,৯৫৪ গৰাকী লোকৰ পথ দুৰ্ঘটনাত মৃত্যু, পুৰণিগুদাম পথ সুৰক্ষা সভাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য…

নগাঁও জিলাৰ পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁড়াল প্ৰাংগণত বুধবাৰে সন্ধ্যা উপস্থিত হয় ৰাজ্য চৰকাৰৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ৰাজ্যজুৰি বাইক ৰেলীৰে যোৱা ১৯ নৱেম্বৰৰ পৰা নিজে বাইক চলাই আহি আহি আজি নগাঁৱত উপস্থিত হয় মন্ত্ৰীগৰাকী। বুধবাৰে পুৱাৰ ভাগত কলিয়াবৰ জখলাবন্ধাত বাইক চলাই উপস্থিত হোৱা মন্ত্ৰীগৰাকী বিয়লি চামগুৰি আৰু সন্ধ্যা পুৰণিগুদামত উপস্থিত হৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।নগাঁও জিলা পৰিবহন বিষয়া শোণিত কুমাৰ বৰাৰ নেতৃত্বত পৰিবহন বিভাগৰ এটা বৃহৎ দল পুৰণিগুদামত উপস্থিত হোৱাৰ লগতে আন কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায়। পথ সুৰক্ষা সজাগতামূলক বাইক ৰেলী পথ তথা যান-বাহন পীড়িতসকলৰ বিশ্ব স্মৰণ দিৱসৰ লগত সংগতি ৰাখি ১৯ নৱেম্বৰৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলীৰে মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নব্বৈটা সমষ্টিত বাইক চলাই ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা চলাই অহাৰ কথা ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ১২৬ সমষ্টিৰ বাকী সমষ্টি সমূহতো বাইক ৰেলীৰে ৰাইজৰ মাজত সজাগতা চলাই যাবলৈ চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰে।দীঘলীয়া ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, এজন মানুহ দুৰ্ঘটনাত যদি হেৰাই যায় তেনেহ’লে এখন ঘৰ,সমাজ বা দেশৰ ক্ষতি হয়।বিগত এঘাৰ মাহত নগাঁও জিলাত ২০৮ গৰাকী লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে আৰু প্ৰায় এক হাজাৰ লোক আহত হৈছে।

আহতসকল ছয় মাহ বা বছৰ বা তাতকৈ বেছি সময়ৰ পিছত ভাল হৈ উঠিব। কিন্তু হেৰাই যোৱাসকল হেৰাই গ’ল এইটো অতি দুখৰ কথা। যোৱা ১১ মাহত নগাঁও জিলাত ২০৮ গৰাকী লোক পথ দুৰ্ঘটনাত মৃত্যু হৈছে।এই হাৰ যদি সমগ্ৰ ভাৰতবৰ্ষত চোৱা যায় তেনেহ’লে ভাৰতবৰ্ষত এই সময়ছোৱাত পথ দুৰ্ঘটনাত ১,৬৮,৯৫৪ গৰাকী লোকৰ মৃত্যু হৈছে।এনেক্ষেত্ৰত নিজে সাৱধানতা অৱলম্বন কৰি নীতিনিয়ম মানি বাইক, গাড়ী আদি চলালে পথ দুৰ্ঘটনা কমি যোৱাটো নিশ্চিত। নগাঁও জিলা পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই উদ্বোধনী ভাষণ দিয়া সজাগতা সভাত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ নৃপেন চন্দ্ৰ দাস, ডেকা সত্ৰাধিকাৰ যদুমণি গোস্বামী, বিজেপি পুৰণিগুদাম মণ্ডলৰ সভাপতি মিন্টু শৰ্মাকে ধৰি স্থানীয় ৰাইজ উপস্থিত থকাৰ লগতে কেইবাটাও বিভাগৰ জিলা বিষয়াসকল উপস্থিত থাকে।

Related Articles