Breaking

কেনিয়াত প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ; সংঘৰ্ষত নিহত ৩৯ জন প্ৰতিবাদকাৰী…

0 16

চৰকাৰৰ কৰ বৃদ্ধিৰ সিদ্ধান্তক লৈ কেনিয়াত ৰাইজে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । দেশখনত সাধাৰণ ৰাইজৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰৰ মতে নতুন কৰ বৃদ্ধিৰ বিৰুদ্ধে কেনিয়াত শেহতীয়াকৈ চৰকাৰ বিৰোধী প্ৰতিবাদত প্ৰায় ৩৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। সাধাৰণ ৰাইজ আৰু সংগঠনসমূহে কেনিয়াত এক নতুন পৰ্যায়ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে । কেনিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (কেএনচিএইচআৰ) সোমবাৰে এই বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে । চৰকাৰে নিহতৰ সংখ্যা প্ৰকাশ কৰিছিল যদিও এই সংখ্যা তাৰ দুগুণ। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উল্লেখ কৰিছে যে দেশজুৰি হোৱা প্ৰতিবাদৰ ফলত ৩৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩৬১ গৰাকী লোক আহত হৈছে। ইফালে ৩২ টা পৃথক গোচৰ ৰুজু কৰা হৈছে আৰু ৬২৭ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে চৰকাৰে বিতৰ্কিত কৰ আইনখন গৃহীত কৰাৰ পিচতে প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে। প্ৰতিবাদকাৰীসকলৰ ভিতৰত বেছি সংখ্যকে যুৱ আছিল। আইন গৃহীত কৰাৰ লগে লগে শান্তিপূৰ্ণ কৰ বিৰোধী সমদলবোৰ অধিক হিংসাত্মক হৈ পৰে।


পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় নাইৰোবিৰ সংসদ চৌহদ ভাঙি লণ্ড ভণ্ড কৰে আৰু কোনো কোনো অংশত অগ্নি সংযোগ কৰে। প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়।লক্ষণীয়ভাৱে, ২০২২ চনৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ চৰকাৰে সন্মুখীন হোৱা আটাইতকৈ গুৰুতৰ সংকট হিচাপে ইয়াক দেখা গৈছে। ৰুটোৱে দেওবাৰে টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত কৈছিল যে প্ৰতিবাদত ১৯ গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে তেওঁ জোৰ দি কৈছিল যে এই সন্দৰ্ভত তদন্ত কৰা হ’ব। ইফালে মানৱ অধিকাৰ আয়োগে এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ব্যৱহৃত বল অত্যধিক আৰু অসামঞ্জস্যপূৰ্ণ আছিল। অৱশ্যে সংসদ ভৱন আৰু অন্যান্য চৰকাৰী ভৱনকে ধৰি কিছুমান গুৰুত্বপূৰ্ণ স্থানত চলোৱা আক্ৰমণৰ বাবে প্ৰতিবাদকাৰীসকলকো আয়োগে সমালোচনা কৰে। ইয়াৰ মাজতে ভাৰতে কেনিয়াত থকা নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰী কৰিছে। কিয়নো কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হিংসাত্মক হৈ পৰিছে, যাৰ ফলত আফ্ৰিকাৰ দেশখনত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কেনিয়াৰ ভাৰতীয় দূতাবাসে পূৰ্বে তাত থকা ভাৰতীয় নাগৰিকসকলক অত্যধিক সাৱধানতা অৱলম্বন কৰিবলৈ, অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলৈ আৰু পৰিস্থিতি শান্ত নোহোৱালৈকে প্ৰতিবাদ আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত এলেকাবোৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

Leave A Reply