Breaking

খাৰুপেটীয়াত পুনৰ ৩ জনৰ দেহত ক’ৰোণা পজিটিভ

0 79

দলগাওৰ পৰা আবুল হাছেম:

 দৰঙত পুনৰ বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰে আন তিনিজন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন লাভ কৰিছে দৰং জিলা স্বাস্থ্য বিভাগে। সেই অনুসৰি দৰঙত থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পালে। সোমবাৰে ক’ভিডত আক্ৰান্ত হোৱা লোক কেইজন হ’ল- বেছিমাৰী নদীকাষৰ ছিকন্দৰ আলী (২১), ধূলাৰ শ্বেখ ফৰিদ (২৫) আৰু বেছিমাৰীৰ নজৰুল ইছলাম  (২১)। এই আটাইকেইজন লোক যোৱা ২৬ মে’ ত মুম্বাইৰ পৰা ৰেলযোগে আহি দৰঙত উপস্থিত হৈছিল। তেতিয়াৰে পৰা তেওঁলোক খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। অৱশ্যে তেওঁলোকক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষলৈ অনাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাইছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।ইফালে পূৰ্বৰে পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৪ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.