Breaking

কৰিয়াজানত বন্য হস্তীয়ে একে নিশাই ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ *বন্য হস্তী আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা দুটি শিশু*

0 2,039

তিনিচুকীয়া জিলাৰ কৰিয়াজনত বন্য হস্তী তাণ্ডৱ|আজি যোৱা নিশা খাদ্য সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্য হস্তীয়ে ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ| প্ৰাপ্ত খৱৰ অনসৰি যোৱা নিশা প্ৰায় ১০:৩০ৰ পৰা পুৱতি নিশা ১:০০ বজাৰ লৈকে  বন্য হস্তীটোৱে  অঞ্চলটোত উপদ্ৰপ চলাই বিস্তৰ ক্ষতিসাধন কৰে|পেঙেৰী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কৰিয়াজানত বন্য হস্তীটোৱে ঘৰৰ বেৰ ফালি চাউল, দাইল,আলু,কল আদি খাই তহিলং কৰাৰ  উপৰিও ঘৰৰ ভিতৰৰ গডৰেছ,টেবুল, চকী আদি ভাঙি তচনচ কৰা লগতে  বাৰীৰ গছ-গছনি ভাঙি থৈ যায়।বন্য হস্তীটোৱে প্ৰৱল বৰষুণৰ মাজতে বন্য হস্তীটোৱে প্ৰথমে কৰিয়াজানৰ অৰূপ বৰা ঘৰৰ বেৰ ফালি ঘৰৰ চাউল আদি খোৱাৰ উপৰিও ঘৰৰ আচবাব পত্ৰ ভাঙি পেলাই |  ইয়াৰ পিছতে নিবাৰণ বৰাৰ ঘৰতো বেৰ ভাঙি উপদ্ৰপ চলায়| বন্য হস্তীটোৰ এই আক্ৰমণত ঘৰৰ ভিতৰত শুই থকা দুটি কণমানি শিশু সৌভাগ্য ক্ৰমে  ৰক্ষা পৰে|নিশা পুনৰ হাতীটোৱে ১১:০০ মান বজাতে  কাতিৰাম বৰাৰ পাকঘৰৰ বেৰ ফালি সোমাই চাউল,ডাইল, বাচন বৰ্তন লগতে ঘৰৰ আচবাব পত্ৰ ভাঙি থৈ যায়। ইয়াৰ পাছতো ক্ষান্ত নোহোৱা বন্য হস্তীটোৱে ডম্বৰু বৰাৰ বাৰিৰ কলগছৰ খেতিত উপদ্ৰপ চলোৱা লগতে ০১:০০ মান বজাত নিপন বৰাৰ পাক ঘৰৰ বেৰ ফালি বস্তু বাহনি তচনচ কৰে। বৰষুণ কম হোৱা পিছত গাঁৱৰ লোকলকলে বন্য হস্তী জাকটোক অৰণ্যৰ ফালে আঁতৰাই পঠাবলৈ সক্ষম হয় । উল্লেযোগ্য যে এইদৰে বন্যহস্তিয়ে বাৰম্বাৰ কৰিয়াজান অঞ্চলত ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-বাতি নষ্ট কৰি সন্ত্ৰাস সৃষ্টিআহিছে। অঞ্চলবাসীয়ে বন বিভাগৰ লগতে স্থানীয়  আৰক্ষীৰ প্ৰশাসনক বাৰম্বাৰ অভিযোগ দাখিল কৰি আহিছে যদিও আজি পৰ্যন্ত  কোনো সঁহাৰি নোপোৱা বুলি  একাংশ লোকে  অভিযোগ উত্থাপন কৰিছে | 

Leave A Reply

Your email address will not be published.