নগাঁও : এজন যুৱকে পলুৱাই নিয়া ভ্ৰমণ বৃত্তান্ত নথকা এগৰাকী কিশোৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাচত নগাঁৱত কৰ’না ভাইৰাছক লৈ জনসাধাৰণ অধিক শংকিত হৈ পৰিছে ।কিশোৰীগৰাকীক উদ্ধাৰকাৰী ১১ জন আৰক্ষীৰ লোকক কোৱাৰেন্টাইন থাকিবলগীয়া হোৱা ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে, এসপ্তাহ পূৰ্বে নগাঁৱৰ হুজ ৰঙাগড়াৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক জিলাখনৰ ৰাইদঙীয়া অঞ্চলৰ এজন যুৱকে পলুৱাই নিয়ে।ইপিনে কিশোৰীগৰাকী সন্ধানহীন হোৱা বুলি তেওঁৰ পৰিয়ালে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ১৩৭২/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।পাচত হয়বৰগাঁও আৰক্ষীয়ে ১৬ জুনত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও কিশোৰীগৰাকীক লৈ যোৱা যুৱকজনক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাছিল। আনহাতে আৰক্ষীয়ে উদ্ধাৰ কৰা ছাত্ৰীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁৰ ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। সেইদিনা ছাত্ৰী গৰাকীক নগাঁও সদৰ থানাৰ মহিলা আৰক্ষী চেলত নিশাটো ৰখোৱাৰ পিছত পিছদিনা আদালতত হাজিৰ কৰাই আৰু পিছত ছাত্ৰী গৰাকীক পিতৃ-মাতৃক চমজাই দিয়ে। ইপিনে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা ছাত্ৰী গৰাকী কোভিড পজিটিভিত আক্রান্ত হোৱাটো কালি স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ লগে লগে নগাঁও জিলা স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয়। ইতিমধ্যেই নগাঁও আৰক্ষী প্ৰশাসনে নগাঁও সদৰ থানা আৰু হয়বৰগাওঁ আৰক্ষী চকীৰ মহিলা আৰক্ষী সহ ১১জন আৰক্ষীৰ লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে। সম্প্ৰতি এই আৰক্ষীৰ লোকসকলক নগাঁও চহৰৰ কেইবাখনো হোটেলত কোৱাৰেণ্টীন কৰি ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰা হয় । ইয়াৰ ভিতৰত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীও আছে। ইতিমধ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ অহা তেওঁৰ পিতৃ-মাতৃ সহ পৰিয়ালৰ আন লোকসকলৰো ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তেওঁ লোকক স্বাস্থ্য বিভাগৰ নীতি অনুসৰি হোম কোৱাৰেণ্টীনৰ ব্যৱস্থা কৰা হয় । আনহাতে কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকজনৰ পৰিয়ালৰ লোকক আৰক্ষী আৰু স্বাস্থ্য বিভাগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।