Breaking

নগাঁৱত ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপি দলত যোগদান। নগাঁৱত গুণ্ডাৰাজ কাৰ দিনত চলিছিল সেয়া ৰাইজে জানে : বিধায়ক ৰূপক শৰ্মা

0 1,284

নগাঁও, ১০ ছেপ্টেম্বৰ : যোগদান কাৰ্যসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মণ্ডলৰ উদ্যোগত দেওধৰ পঞ্চায়তত এক যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ দেওধৰ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ডেৰ শতাধিক কংগ্ৰেছ দলৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।আনহাতে বিজেপি দলৰ নীতি আৰ্দশ আৰু চৰকাৰখনৰ উন্নয়ন মূলক কামকাজৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় প্ৰতিদিনেই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰি অহা বুলি বিধায়ক ৰূপক শৰ্মাই আজি যোগদান কাৰ্যসূচীত মন্তব্য কৰি লগতে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাত অসমৰ জনসাধাৰণৰ লগতে গৰিষ্ঠ সংখ্যক কংগ্ৰেছ কৰ্মীয়েও অসন্তুষ্টি ব্যক্ত কৰি আহিছে যাৰ ফলশ্ৰুতিত শেহতীয়াকৈ নগাঁও সদৰ সমষ্টিত কংগ্ৰেছ দলত গৰাখহনীয়াৰ সৃষ্টি হৈছে। ইপিনে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছৰ বিধায়ক ডা: দূৰ্লভ চমুৱাই কালি এক সংবাদমেলত দুদিন পূৰ্বে দক্ষিণপাটত পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰা সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাক সমালোচনা কৰিবলৈ গৈ কৰা কেতবোৰ কটু মন্তব্যৰ প্ৰতুত্ত্যৰত বিধায়ক শৰ্মাই কয় যে বিজেপি দলত যোগদানৰ ধাৰাবাহিকতা চলি থকাৰ বিপৰীতে প্ৰাক্তন কংগ্ৰেছী বিধায়ক জনে সংবাদমেল অনুষ্ঠিত কৰি সন্তুষ্টি লাভিব লাগিব। উল্লেখ্য, প্ৰাক্তন বিধায়ক ডা: চমুৱাই কালি বিধায়ক ৰূপক শৰ্মাক সমালোচনা কৰি কৈছিল যে বিজেপিয়ে কংগ্ৰেছ কৰ্মীক ডকাইটৰ ভয় দেখুৱাই যোগদান কৰাইছে। প্ৰাক্তন বিধায়ক ডাঃ চমুৱাৰ এনে বক্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আজি বিজেপিৰ যোগদান সমাৰোহখনত বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁৱত গুণ্ডাৰাজ কাৰ দিনত চলিছিল সেয়া ৰাইজে জানে। আনহাতে ডা: দুৰ্লভ চমুৱাৰ নাম উল্লেখ নকৰাকৈ কেৱল ডা: বাবু বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই কয় : ডাক্তৰ বাবু কংগ্ৰেছৰ দিনত চোন ডকাইটৰ সন্ত্ৰাসৰ পৰা আপুনি নিজেই সাৰি যাব পৰা নাছিল দেখুন। বিধায়ক ৰূপক শৰ্মাই লগতে কয় যে কংগ্ৰেছৰ দিনত ঘোচ লৈ চাকৰি লোৱা সকলে জেলৰ ভাত খাইছে। কিন্তু আমাৰ দিনত খাটি খোৱা দুখীয়া পৰিয়ালৰ ল’ৰাই যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে। ইপিনে নগাঁও সদৰ সমষ্টিৰ উন্নয়ণৰ কথা দোহাৰি বিধায়ক গৰাকীয়ে কয় যে নগাঁৱৰ উন্নয়নে কংগ্ৰেছৰ মুখত চুণ সানিছে। বিধায়ক গৰাকীয়ে নগাঁৱৰ গ্ৰামাঞ্চলত হোৱা উন্নয়ণৰ বিষয়ে উল্লেখ কৰি কয় সমষ্টি পুনৰগঠনক লৈ আমি চিন্তিত নহয়, কিন্তু ডাক্তৰ বাবুয়ে কিয় ইমান ভয় খাইছে। প্ৰায় ডেৰ শতাধিক কংগ্ৰেছীয়ে গেৰুৱা বসন পৰিধান কৰা সভাখনতে বিধায়ক গৰাকীয়ে কেইদিনমানৰ ভিতৰতে নগাঁও চহৰক নতুন ৰূপত দেখিব অসমৰ ৰাইজে দেখিবলৈ পাব বুলি মন্তব্য কৰে । উল্লেখ যে আজি এই যোগদান কাৰ্যসূচীত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ আত্মীয়‌ইও বিজেপি দলত যোগদান কৰে। পাখিমৰীয়া মন্ডল বিজেপিৰ সভাপতি নৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, জিলা সম্পাদিকা জুলি দাস, দেওধৰ গাঁও পঞ্চায়তৰ সভাপতি মৃদুল ফুকন প্ৰমুখ্যে দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে। ইপিনে অসমীয়া গহনা প্ৰস্তুত কৰি ৰাজ্যবাসীৰ সমাদৰ লাভ কৰা নগাঁও জিলাৰ ঐতিহ্যমন্ডিত ৰনথলী অঞ্চলৰ প্ৰবেশ পথত ‘অসম দৰ্শন’ আচঁনিৰ অধীনত দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা তোৰণ খনৰো আজি আধাৰশিলা স্হাপন কৰে বিধায়ক ৰূপক শৰ্মাই। আধাৰশিলা স্হাপন অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱত্তী প্ৰমুখ্যে ভালেকেইগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.