Breaking

ৰাইজৰ মতামত…..

0 131

দৈনন্দিন বাৰ্তাৰ ৱেব পট্ৰেলত প্ৰকাশিত “জুৰীয়াৰ বৰালিমাৰী-ফুৰহানিআটি গাঁও পঞ্চায়তত একাধিক চৰকাৰী আঁচনিত কোটি টকীয়া কেলেংকাৰী”– শীৰ্ষক বাতৰিটো মোৰ দৃষ্টিগোচৰ হৈছে। উক্ত বাতৰিত লিখা ধৰণে মই আচনি ৰূপায়ণৰ নামত কোনো লুন্ঠন চলোৱা নাই। এম জি এনৰেগাৰ নামমাত্ৰ কাম কৰি ভূৱা জব কাৰ্ডৰ জৰিয়তে চি এচ পিৰ লগত মিলি লাখ লাখ টকা আত্মসাত কৰা কথাটো মিছা আৰু ভিত্তিহীন। জব কাৰ্ড শ্ৰমিকক বঞ্চিত কৰি টেক্টৰ ব্যৱহাৰ কৰা নাই। কাম বিচাৰি আবেদন কৰা সকলো শ্ৰমিককে কাম দি থকাৰ তথ্য আছে। একেদৰে চতুৰ্থ বিত্তীয় আয়োগ, চতুৰ্থ বিত্তীয় আয়োগ, পঞ্চম বিত্তীয় আয়োগৰ ধন আত্মসাত কৰাৰ প্ৰশ্ন নাহে। কাৰণ আচনিৰ কামৰ সামগ্ৰী যোগানৰ দায়িত্ব যোগনীয়াৰ প্ৰতিষ্ঠানৰ নামত ধন মোকলাই দিয়া হয়। ইপিনে, ভূৱা জব কাৰ্ড শ্ৰমিকৰ একাউন্টত পি এম কৃষাণৰ ধন আত্মসাত কৰা কথাটোও সম্পূৰ্ণ মিছা। বাতৰিত লিখা ধৰণে মোৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই। আৰ টি আই কৰ্মী আৰু সাংবাদিকক কোনো দুষ্ট চক্ৰ‌ই ভূল তথ্যৰ যোগান ধৰি বাতৰি পৰিৱেশন কৰাই মোক জন মানসত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে।  সেয়ে এনে অসত্য আৰু মনেসজা বাতৰিত ভুল নাযাবলৈ মই সকলো পক্ষক অনুৰোধ জনালোঁ। সাংবাদিক গৰাকীয়ে ভৱিষ্যতে এনে বাতৰি পৰিৱেশন নকৰিবলৈ মই বিনম্ৰ ভাৱে অনুৰোধ জনালোঁ।

       শ্বেখ আব্দুল্লা

সভাপতি, বৰালিমাৰী-ফুৰহানিআটি গাঁও পঞ্চায়ত

Leave A Reply

Your email address will not be published.