Breaking

সৌৰাংশ্ৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে লালী নদীৰ খহনীয়াই, বিলীন গৈছে বিঘাই বিঘাই উৰ্বৰা কৃষিভূমি…

0 19

ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ সৌৰাংশ্ৰী গাঁৱত। এইবছৰৰ ভৰ বাৰিষা আৰম্ভণি নহওঁতে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে নৈপৰীয়া সৌৰাংশ্ৰী গাঁৱত। নদীখনৰ খহনীয়াৰ কবলত সৌৰাংশ্ৰী গাঁৱৰ বামুন মুছাহাৰী, খৰ্দে বসুমতাৰী, সুনীৰাম নাৰ্জাৰী, নৃপেন বড়ো,নিলট ৰামচিয়াৰী, বানেশ্বৰ বসুমতাৰী, ফুলেশ্বৰ দৈমাৰী,গালৰ বড়ো,লোহিত বসুমতাৰী, নৱ বসুমতাৰী, ধনীৰাম বসুমতাৰী, নাৰায়ণ বসুমতাৰী, বিনোদ ৰামচিয়াৰী, ৰাজু স্বৰ্গীয়াৰী, সুবল স্বৰ্গীয়াৰী, যতীন মালা,লক্ষীধৰ চুতীয়া, বংশীধৰ বসুমতাৰীৰ তিনিবিঘাৰ পৰা পাঁচ ছয বিঘাকৈ কৃষিভূমি নদীৰ বুকুত জাহ গৈছে।

স্মৰণীয় যে পাঁছবছৰৰ আগৰ পৰাই সৌৰাংশ্ৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ চলি আহিছে। যাৰফলত গাওঁখনৰ দহ বাৰঘৰ পৰিয়ালৰ ঘৰভেটি খহাই লৈ যায়। বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ সূঁতি লালী নদীৰ খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে যদিও চৰকাৰ আৰু জনপ্ৰতিনিধিয়ে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ভূক্তভোগী ৰাইজে অভিযোগ উত্থাপণ কৰিছে।

Leave A Reply

Your email address will not be published.