চিলাপথাৰ মহাবিদ্যালয়ত “Aquarium Fabrication and Maintenance” শীৰ্ষক কৰ্মশালা

চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতিম দত্তৰ সভাপতিত্বত মঙ্গলবাৰে মহাবিদ্যালয়খনিৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা Aquarium Fabrication and Maintenance” শীৰ্ষক এদিনীয়া কৰ্মশালাখনি উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০  লক্ষীনাথ পেগুৱে আৰু উদ্দেশ্য ব্যাখ্যা কৰে aquarium fabrication and maintenance Course টিৰ Coordinator  ড০ মেৰিনা নৰহে। উল্লেখ্য যে , উক্ত কৰ্মশালাখনি প্ৰাণী বিজ্ঞান বিভাগৰ  ছমহীয়া add on course টিৰ  লগত সংগতি  ৰাখি আয়োজন কৰা হয় আৰু 50 গৰাকী ছাত্র ছাত্ৰী  অংশগ্ৰহণ কৰে । 

কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ Aqualove  ৰ  স্বত্বাধিকাৰ নন্দনধৰ বৰুৱাই । সাম্প্ৰতিক সময়ত ছাত্ৰ ছাত্ৰীৰ Skill development ৰ  গুৰুত্ব আৰু প্ৰাসংগিকতা কথা উল্লেখ কৰি বৰুৱাই কয় যে উত্তৰ পূৰ্বাঞ্চলত  “Aquarium Industry ” ৰ এটা বৃহৎ ভৱিষ্যত আছে । কৰ্মশালাখনিত উপাধ্যক্ষ ললিত চন্দ্ৰ দলে ,IQAC ৰ সমন্বয়ক  ৰাজু পেগু, লগতে মহাবিদ্যালয় খনৰ বিভিন্ন বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে । শেষত প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চাই মৌন কেন মানহাই শলাগৰ শৰাই আগবঢ়াই ।

Related Articles