ছিপাঝাৰত আঘোণৰ পথাৰৰ সোণগুটিৰ সুবাসেৰে চৌদিশ সুবাসিত

এতিয়া হিমসনা আঘোণৰ বতৰ।কৃষক ৰাইজৰ বহু আশা আৰু হেঁপাহৰ এই আঘোণ মাহ।কিয়নো বাৰিষা কালত মনত বহু আশা আৰু সপোনলৈ খেতিপথাৰত কৃষক ৰাইজে শালি ধানৰ খেতি কৰাৰ পাছত আঘোণৰ ভৰপক পথাৰৰ সোণোৱালী ধাননিডৰালৈ আশাৰে বাট চাই থাকে।আঘোণ পৰিলেই কৃষক সকলৰ কষ্টৰে খেতি কৰাৰ সকলো কথা পাহৰি পথাৰৰ সোণগুটিৰ প্ৰাপ্তিৰ আনন্দই মতলীয়া কৰি তোলে দেহ-মন।অকল কৃষকৰ সোণগুটি প্ৰাপ্তিৰ বাবেই যে দেহ-মন  আনন্দ কৰে তেনে নহয় বৰঞ্চ আঘোণৰ প্ৰাচুৰ্যও কৃষকক লখিমী পথাৰলৈ হাতবাউলি মাতে।আঘোণৰ মাদকতাই যেন সুবাসিত  কৰে  গাঁৱৰ পথাৰ, আলি-পদূলি সকলো।আঘোণৰ ভৰপক বতৰত চহা জীৱনৰ কৃষক সকলৰ ব্যস্ততাৰ যেন সীমা নাই।পথাৰৰ থোকভৰা লখিমীক ঘৰলৈ দাই নিয়াত পুৱাৰ পৰা গধূলিলৈ ব্যস্ত। লক্ষণীয় যে  সম্প্ৰীতিৰ নিৰ্ভেজাল প্ৰতিচ্ছবিয়ে প্ৰাণ পাই উঠে এই আঘোণৰ পথাৰত।সাউৰী খোৱা প্ৰথা  ইয়াৰ যেন এক উজ্জ্বল নিদৰ্শন। য’ত ঐক্য-শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী বান্ধ খাই আছে।সাউৰী খোৱা দিনটোত গাঁৱৰ কোনো কৃষকৰ খেতি পথাৰত দল বান্ধি দিনত ধান দাই দিয়াৰ পাছত হাঁহ- পাৰৰ মাংস, মাটি মাহৰ দাইলেৰে সকলোৱে আনন্দ মনেৰে এসাঁজ খোৱা হয়।ইয়াত কোনো মাননি লোৱা নহয়। কিন্তু সম্প্ৰতি সময়ত ধানকটা যন্ত্ৰৰ আগমনে এই সাউৰী খোৱা পৰম্পৰা যেন গিলি পেলোৱাৰ উপক্ৰম হৈছে।একেদৰে আঘোণৰ আন পৰিচিত ছবিৰ ভিতৰত হ’ল কাচি উঠা,ন-খোৱা আদি প্ৰথা। আঘোণৰ প্ৰাচুৰ্যৰে ভৰা এই আমোদজনক পৰম্পৰা আৰু কৃষ্টি যেন আধুনিকতাৰ গ্ৰাসত বিলুপ্তিৰ পথত গতি কৰিছে। তদুপৰি আঘোণৰ পথাৰখনকলৈ মাটিৰ গোন্ধ থকা গীত- মাত, কৃষ্টি সংস্কৃতি সমূহো যেন আজি নাইকীয়া হৈ যোৱাৰ দিশে ধাবমান। আধুনিকতাৰ বতাহে উৰুৱাই নিব বিচৰা এই সমূহ নিৰ্ভেজাল কৃষ্টি সংস্কৃতি যদি আমি সময় থাকোঁতেই ৰক্ষা কৰাৰ ব্যৱস্থা নকৰো তেনেহলে অসমীয়া সমাজখনৰ হ’ব অতিকৈ দুৰ্ভাগ্য জনক।

Related Articles