তেজপুৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ, প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনা । Congress

তেজপুৰ, ১০ এপ্ৰিল, ২০২৫: Congress । পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতা তীব্ৰ ৰূপ লৈছে। তাৰ মাজতে তেজপুৰৰ দোলাবাৰীত কংগ্ৰেছ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।

তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি জিলা পৰিষদ সদস্য পদৰ প্ৰাৰ্থীত্বক লৈ উদ্ভৱ হোৱা অসন্তোষই প্ৰতিবাদৰ ৰূপ লৈছে। কংগ্ৰেছৰ পৰা উক্ত পদৰ বাবে প্ৰাৰ্থীত্বৰ আবেদন কৰিছিল প্ৰাক্তন সদস্য ৰফিজ উদ্দিন আহমেদ, পাচঁমাইল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল ইছলাম, গোটলং গাঁৱৰ ব্যৱসায়ী ইদ্ৰীছ আলী আৰু নপাম গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলদাৰ হুছেইনে।

যেতিয়া কংগ্ৰেছ দলটোৱে আমিনুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লয়, তেতিয়াৰ পৰা অসন্তুষ্টি বিৰাজ কৰে। দোলাবাৰীস্থিত কংগ্ৰেছ কৰ্মী আৰু স্থানীয় নেতাসকলে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাশতাধিক কৰ্মীয়ে অংশ লৈ “চামগুৰিৰ ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে” বুলি হুংকাৰ দিয়ে।

প্ৰতিবাদকালে কংগ্ৰেছ কৰ্মীসকলে স্পষ্টভাৱে কয় যে, যদি আমিনুল ইছলামক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হয়, তেন্তে দলৰ ভিতৰত বৃহৎ বিভাজনৰ আশংকা আছে। কিছুমানে কংগ্ৰেছ এৰাৰো হুংকাৰ দিয়ে।

এই প্ৰতিবাদে তেজপুৰত কংগ্ৰেছৰ ভিতৰ-বিভাজনক স্পষ্ট কৰিছে, যাৰ সম্ভাব্য প্ৰভাৱ পঞ্চায়ত নিৰ্বাচনত পৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

Related Articles