বিন্নাকান্দি উন্নয়ন খণ্ডত পঞ্চায়তে পঞ্চায়তে লুন্ঠনৰাজ কনিষ্ঠ অভিযন্তা, সচিব, জিআৰএচ, প্ৰতিনিধিয়ে মিলি চলাইছে দুৰ্নীতিৰ বজাৰ ।

এ জে আকন্দ:

পৰিবৰ্তনৰ শ্লোগান দি ৰাজ্যৰ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনতো কোনো পৰিবৰ্তন পৰিলক্ষিত হোৱা নাই। পূৰ্বৰ দৰে বিভিন্ন বিভাগত চলি আহিছে কেৱল ব্যাপক দুৰ্নীতি আৰু অনিয়ম আৰু এই দুৰ্নীতি অনিয়মেই যেন এক নিয়মত পৰিণত হৈছে হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত। ২৪ টা গাঁও পঞ্চায়তৰে গঠিত উন্নয়ন খণ্ডটোত একাংশ পঞ্চায়ত সভাপতি, পঞ্চায়ত সচিব, জিআৰএচ, কনিষ্ঠ অভিযন্তাই বিডিঅ’ৰে মিলি এতিয়া কেবল চলাইছে লুন্ঠনৰ অঘোষিত প্ৰতিযোগিতা। শেহতীয়াকৈ চতুৰ্থ বিত্তীয় আয়োগ, পঞ্চম বিত্তীয় আয়োগ, এমজিএন ৰেগাকে ধৰি একাধিক চৰকাৰী আঁচনিৰ অধীনত নামমাত্ৰ কাম কৰিয়েই আঁচনি সমুহ বগা হাতীত পৰিণত কৰি লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে। বিভাগীয় প্ৰাককলন অনুসৰি কোনো কামেই সম্পাদন হোৱা নাই উন্নয়ন খণ্ডটোৰ অন্তৰ্গত অধিকাংশ গাঁও পঞ্চায়তত। উন্নয়ন খণ্ডটোত দীৰ্ঘদিন ধৰি চলা লুন্ঠনৰাজ সন্দৰ্ভত সংবাদ মাধ্যমত সততে বাতৰি প্ৰকাশৰ পিছতো গা লৰা নাই বিয়োগোম গ্ৰামোন্নয়ন বিভাগৰ। বিভিন্ন সময়ত স্থানীয় ৰাইজে একাংশ আঁচনিত চলা দুৰ্নীতি অনিয়ম সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰিছে গ্ৰামোন্নয়ন বিভাগৰ বৰমুৰীয়া সকলে। কাৰ আশীৰ্বাদত এতিয়াও উন্নয়ন খণ্ডটোত চলি অহা দুৰ্নীতি অনিয়ম তদন্ত হোৱা নাই, সেয়াও এক অবুজ সাথৰৰ দৰে হৈ পৰিছে। মনকৰিবলগীয়া যে, উন্নয়ন খণ্ডটোত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ তথ্য ফাদিল হোৱাৰ ভয়তে তথ্য জনাৰ অধিকাৰ আইনকো ভেঙুচালি কৰি আহিছে। নগাঁৱৰ এগৰাকী আৰটিআই কৰ্মীয়ে সৌৰ চাকি আৰু চতুৰ্থ বিত্তীয় আয়োগৰ তথ্য বিচৰাৰ পিছতো তথ্য দিয়াৰ পৰা বিৰত থকাৰ অভিযোগ উঠিছে। উল্লেখ্য যে উন্নয়ন খণ্ডটোৰ কনিষ্ঠ অভিযন্তা খনীন্দ্ৰ মোহন দাস, ঠিকা ভিত্তিক কনিষ্ঠ অভিযন্তা ক্ৰমে পাঠক, বৈশ্য, ফকৰ, তৌফিক আদিৰ লগতে আন একাংশ কনিষ্ঠ অভিযন্তাই পঞ্চায়ত সচিব, জিআৰএচ, পঞ্চায়ত সভাপতিৰে মিলি উন্নয়ন খণ্ডটোত দুৰ্নীতিৰ বজাৰ বহুৱাৰ গুৰুতৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত একাংশ শাসকীয় দলৰ একাংশ নেতা পালিনেতা জৰিত থকাৰ অভিযোগো উঠিছে। উন্নয়ন খণ্ডটোত দীৰ্ঘদিনীয়া দুৰ্নীতি অনিয়মসমুহ তথ্য সহকাৰে অচিৰেই ডিবি নিউজে ফাদিল কৰিব।

Related Articles