বকোৰ বন বিভাগৰ অভিযানত দুই লক্ষাধিক টকাৰ ফলা কাঠ জব্দ

দীৰ্ঘদিন ধৰি মুল্যবান কাঠৰ চোৰাং ব্যৱসায়ীয়ে দক্ষিণ কামৰূপৰ সংৰক্ষিত বনাঞ্চল সমূহৰ ওপৰত অবাধ ধ্বংস যজ্ঞ চলাই ইয়াৰ মূল্যৱান কাঠৰ চোৰাং বেহা অব্যাহত ৰখাৰ বিপৰীতে চৰকাৰৰ বন বিভাগেও এই চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে ধাৰাবাহিক অভিযান৷ বন বিভাগৰ এই অভিযানৰ মাজতে বুধবাৰে পুৱতি নিশা বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠৰ বিৰুদ্ধে চলায় এক অভিযান৷ এই অভিযানত বন বিভাগে চুকুনীয়া পাৰা হৈ নগৰবেৰা অভিমুখে যোৱা পথত এখন ফলাকাঠ ভৰ্তি ট্ৰাক খেদি খেদি এক বৃহৎ পৰিমাণৰ মুল্যৱান ফলা কাঠৰ লগতে এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ কাঠখিনিৰ আনুমানিক মুল্য এক লক্ষাধিক হব বুলি বন বিভাগৰ সূত্ৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে, পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকোস্থিত বকো বনাঞ্চলিক বিষয়া জয়ন্ত কুমাৰ নাথৰ নেতৃত্বত আৰু বন্দপাৰা বনাঞ্চলিকৰ সহযোগত বন বাহিনীয়ে চলোৱা অভিযানত অৱশ্যে ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷জানিব পৰা মতে বন বাহিনীৰ উমান পাই ৰাস্তাৰ মাজতে গাড়ী এৰি পলায়ন কৰিবলৈ সক্ষম হয়। পিছত জব্দকৃত কাঠ আৰু গাড়ী বন বাহিনীৰ দলটোৱে বকো বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ যায় ৷ এতিয়া প্ৰশ্ন হল এনে অবাধ বনাঞ্চল ধ্বংসকাৰ্য জড়িত চোৰাং ব্যৱসায়ৰ হাতোৰাৰ পৰা বনাঞ্চল ৰক্ষা কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব নে বন বিভাগে ? সেয়াই প্ৰকৃতিপ্ৰেমীৰ বাবে হৈ পৰিছে লক্ষণীয় বিষয় ।

Related Articles