Breaking

দেশত ক্ৰমান্বয়ে কমিছে ক’ৰণাৰ সংক্ৰমণ

0 2,056

দেশত ক্ৰমান্বয়ে কমিছে ক’ৰণাৰ সংক্ৰমণ। বিগত ২৪ঘন্টাত ভাৰতত ২২হাজাৰ ২৭০গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰণাৰ সংক্ৰমণ। এই সংখ্যা শুকুৰবাৰতকৈ প্ৰায় ১৪শতাংশ কম। বিগত ২৪ঘন্টাত ৬০হাজাৰ ২৯৮গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতাৰ লগতে ৩২৫গৰাকী ৰোগীৰ মৃত্যু হৈছে দেশত।

বৰ্তমানত ভাৰতত ২লাখ ৫৩হাজাৰ ক’ৰণাৰ ৰোগী চিকিতসাধীন হৈ আছে। দেশত পজিটিভিটিৰ হাৰ ১.৮শতাংশলৈ হ্ৰাস পাইছে। উল্লেখ্য যে, ১৭৫.০৩কোটি লোকক এতিয়ালৈকে প্ৰদান কৰা হৈছে ভেকচিন।

Leave A Reply

Your email address will not be published.