Breaking

লকডাউনৰ মাজতেই হোজাই মোৰাঝাৰত ভূ-মাফিয়াৰ গুণ্ডাগিৰী। মহিলাৰ গা’ত পেট্ৰল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা ভু মাফিয়াৰ ৷

0 118

ডবকা

হোজাই জিলাৰ মোৰাঝাৰৰ দক্ষিণ চামৰআলী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চামৰআলী গাঁৱত কিছুদিন পুৰ্বে ভুমি বিবাদক কেন্দ্ৰ কৰি কেবাজন লোকক জীৱন্তে জ্বলাই দিয়াৰ ঘটনাৰ মাৰ নাযাওঁতেই আজি পুনৰ  সংঘটিত হ’ল আন এক জঘন্য ঘটনা।দীৰ্ঘদিনীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি ছালেহা বেগম নামৰ এগৰাকী মহিলাৰ গা’ত পেট্ৰল ঢালি জুই লগাই জীৱন্তে হত্যাৰ চেষ্টা কেবাজন ভু-মাফিয়াৰ। লাঠিৰে টেক্টৰক প্ৰহাৰ কৰাৰ পিছতেই খেতি পথাৰত ভিতৰতেই জুই লাগি এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হয়৷দক্ষিণ চামৰআলী গাঁৱৰ ৰহিম উদ্দিন আৰু বুৰহান উদ্দিনে পেট্ৰল ঢালি জুই দি ছালেহা বেগম নামৰ মহিলা গৰাকীক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰি স্থানীয় চৌধুৰী বজাৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসীলয়ত ভৰ্তি কৰিছে৷গাওঁখনতৰ ধন বল আৰু বাহু বল থকা একাংশ ভূ মাফিয়াৰ দপদপনিত এতিয়া নিৰীহ লোকৰ নিদ্ৰাহৰণ হৈ পৰিছে। ধন আৰু বাহু বলেৰে আৰক্ষী প্ৰশাসনক মেনেজ কৰাৰ ভয় ভাবুকি দি নিৰীহ লোকৰ ভুমি বলপূৰ্বক ভাৱে দখল কৰাৰ বৃহৎ ষড়যন্ত্ৰ অব্যাহত আছে  জিলা খনত। অকল সেয়াই নহয়, ধনেৰে আৰক্ষীক মেনেজ কৰাৰ কল কৌশলেৰে সাধাৰণ সহজ সৰল লোকক চলাই গৈছে মানসিক  নিৰ্যাতন।কিছুদিন পুৰ্বে ডবকা ভেলৌগুৰি,হোজাই ইছলাম নগৰ, ডবকা ভগীৰাম গাও, লংকা আদি বিভিন্ন স্থানত ভুমি কেন্দ্ৰিক সংঘাতেই সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে৷ডবকা ভগীৰাম গাৱত লকডাউনৰ সময়তে এটা ভু মাফিয়া চক্ৰৰ নিৰ্দেশত মহাবিৰ গৌড় আৰু মঙ্গল সিং গোড়ৰৰ ম্যাদি মাটি স্থানীয় জমিৰ নামৰ এজন লো দখল কৰি বেৰ দিয়ে,কেৱল বেৰ দিয়াই নহয় ম্যাদি মাটি কাটি অভিযুক্ত জমিৰ আৰু দুষ্ট চক্ৰটোৱে জমিৰে বসবাস কৰা তজি মাটিত পেলাই৷এই ক্ষেত্ৰত মহাবিৰ গৌড় আৰু মঙ্গল সিং গৌড়ে ডবকা থানাত দুবাৰ কৈ গোচৰ তৰাৰ বিপৰিতে ঘটনাৰ সবিশেষ উল্লেখ কৰি ডবকা ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে যদিও আৰক্ষী আৰু চক্ৰ বিষয়াই তদন্ত অব্যাহত ৰাখিছে৷উল্লেখ যোগ্য যে প্ৰতিটো ভুমি কেন্দ্ৰিক সংঘাতৰ আৰত আছে ভু মাফিয়া চক্ৰ৷এই প্ৰতিটো ভূ মাফিয়া চক্ৰৰ সৈতে একাংশ উচ্চ পদস্থ বিষয়াৰ সু সম্পৰ্ক থকাৰ বাবে মাটিৰ প্ৰকৃত মালিক সকলে বিভিন্ন কষ্ট ভোগ কৰিবলগীয়া হৈছে জিলা খনত৷উচটনি দিয়া ভু মাফিয়া চক্ৰক নাকী লাগাব নোৱাৰিলে জিলা খনত ভূমি কেন্দ্ৰিক সংঘাত দিনক দিনে বৃদ্ধি হোৱাৰ সম্ভৱনা আছে বুলি মতপোষন কৰিছে ৷

Leave A Reply

Your email address will not be published.