Breaking

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ উদ্যাগত ২ লাখ ৪৯ হাজাৰ টকা বান সাহায্যৰ বাবে অসম চৰকাৰৰ হাতত অৰ্পণ…

0 15

আজিৰ ৰাতিপুৱা ১১-৩০ বজাত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ উদ্যাগত সংগৃহীত ২ লাখ ৪৯হাজাৰ টকা আৰু খাদ্য সামগ্ৰী বান সাহায্যৰ বাদব অসম চৰকাৰৰ হাতত অৰ্পণ কৰা হয়। উল্লেখ্য যে অসম আৰক্ষী প্ৰতিষ্ঠানত অনুষ্ঠিত উক্ত আয়োজনত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ সভাপতি ড’ অনামিকা সিং, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জি পি সিং, আই.পি.এছ., শ্ৰীহৰমিত সিং আই, পি,এছ, সম্বনিতে আৰক্ষীৰ বিষয়াসকল, অসম
আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ বিষয়ববীয়া আৰু সদস্যাসকল উপস্থিত থাকে।

অসম চৰকাৰৰ হৈ উক্ত সাহায্য গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাক ধন্যবাদ জনোৱাৰ
উপৰিও সামাজিক গঠনমূলক কামত এই সংস্থাটোৱে আগন্তুক দিনটো কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.