ৰাজ্যখনৰ লগতে ১০ ডিচেম্বৰৰ দিনা ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিতো শ্বহীদ দিৱস পালন কৰা হয় । ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতা চাৰিআলিৰ মাজমজিয়াত অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথে । চাফাইৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিলাষ দাসে
ইয়াৰ পাছত সন্ধিয়া ৬ বজাত শ্বহীদ বেদীৰ প্ৰাংগণত বন্তি প্ৰজ্বলনৰ অনুষ্ঠান মুকলি কৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক ঈশানজ্যোতি ভৰদ্বাজে । শ্বহীদ বেদীৰ প্ৰাংগণত লগে লগে এখন সভা অনুষ্ঠিত হৈ যায় । সভাত সদৌ ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিদ্যুৎপ্ৰাণ শৰ্মাই ছয় বছৰীয়া বিদেশী খেদা আন্দোলনৰ জাতীয় শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকেধৰি সকলো শ্বহীদক স্মৰণ কৰি ” আহ ঐ আহ , ওলাই আহ , খেদ ঐ খেদ, বিদেশী খেদ , আমাৰ দাবী মানিবই লাগিব , ছাত্ৰ সন্থা জিন্দাবাদ “আদি নানা ৰকমৰ শ্লোগানৰ মাজেৰে সেই সময়ত কৰা আন্দোলন বিষয়ে কোৱাৰ লগতে স্বাক্ষৰিত চুক্তি চৰকাৰক আখৰে আখৰে পালন কৰিবলৈ দাবী জনাই বক্তব্য আগবঢ়ায় ।
সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰৌতা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি আৰু ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়-ববীয়া সদস্য-সদস্যাসকলো উপস্থিত আছিল । আনহাতে , ওদালগুৰি জিলাৰ মাজবাট চহৰৰ মাজমজিয়াত থকা শ্বহীদ বেদীৰ প্ৰাংগণটো কালি ১০ ডিচেম্বৰত মাজবাট ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয় । তদুপলক্ষে পুৱা ৯ বজাত মাজবাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু কলিতাই পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ তৰ্পণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ইয়াৰ পাছত ছাত্ৰ সন্থাৰ সকলো বিষয় ববীয়া সকলৰ উপস্থিতিত অসম আন্দোলনৰ জাতীয় শ্বহীদ সকলৰ ত্যাগৰ লগতে প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদ সকলক স্মৰণ কৰি সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰা হয় ।