Breaking

উত্তৰপ্ৰদেশত ইতিহাস লিখিলে যোগীয়ে….

0 2,063

ইতিহাস ৰচনা কৰি উত্তৰ প্ৰদেশত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। এই ইতিহাস এই কাৰনেই যে, উত্তৰ প্ৰদেশত কোনো এটা ৰাজনৈতিক দলে ১০বছৰলৈ শাসনলৈ অহা নাই। ৰাজ্যখনত প্ৰতি ৫বছৰৰ মূৰে মূৰে সলনি হয় চৰকাৰ। কিন্তু পোন প্ৰথমবাৰৰ বাবে বিজেপি দলে উত্তৰ প্ৰদেশত ১০বছৰলৈ শাসনৰ বাঘজৰী লাভ কৰিছে।

জনতাৰ এই ৰায়ৰ পাছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল আৰু দলীয় কাৰ্যকতাসকলক। তেওঁ এই জয়ৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ লগতে সমগ্ৰ ৰাজ্যৰ দলীয় কাৰ্যকতাসকলক প্ৰদান কৰে।

তেওঁ লগতে কয়- দেশৰ সকলোতকৈ বেছি জনসংখ্যা থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। সেইকাৰনেই সমগ্ৰ দেশ আৰু বিশ্বৰ চকু আছিল ইয়াত। জনতাই এয়া ৰায় দিছে। এয়া কেৱল ৰায় নহয়, আৰ্শীবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে মই নিৰ্বাচনী আয়োগকে ধন্যবাদ জ্ঞাপন কৰিলো।

Leave A Reply

Your email address will not be published.