মোদীৰ নিজৰ সমষ্টি বাৰনসীতে ভংগ হ’ল নিৰাপত্তা ব্যৱস্থা। চাকৰি প্ৰাৰ্থী যুৱকে জঁপিয়ালে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত…

মোদীৰ নিজৰ সমষ্টি বাৰনসীতে ভংগ হ’ল নিৰাপত্তা ব্যৱস্থা। নিজৰ সমষ্টিতে নিবনুৱা যুৱকৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হ’ল প্ৰধানমন্ত্ৰী মোদী। পঞ্জাৱৰ পিছত এইবাৰ নিজৰ সমষ্টিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ব্যৱস্থা পুনৰ উলংঘন হ’ল। ভাৰতীয় সেনাত চাকৰি প্ৰদানৰ দাবীত এজন যুৱকে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে জঁপিয়াই দিয়াৰ ঘটনাই প্ৰত্ৰিক্ৰিয়াৰ সৃষ্টি কৰিছে। যুৱকজনে প্ৰধানমন্ত্ৰীৰ গাড়ীৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰত এনেদৰে জঁপিয়াই দিয়ে। লগে লগে হুৱা-দুৱা লাগে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বতত থকা নিৰাপত্তাৰক্ষীয়ে অৱশ্যে যুৱকজনক তৎক্ষণাৎ আঁতৰাই নিয়ে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈ বাৰাণসীলৈ গৈছে। তেওঁৰ কনভয় ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰৰ পৰা গৈ থকাৰ সময়তে এই এঘটন ঘটে। প্ৰধানমন্ত্ৰীৰ কনভয় তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ পোৱাৰ আগতে যুৱক জনে কনভয়ৰ সন্মুখত জঁপিয়াই দিয়ে। অৱশ্যে সৌভাগ্যক্ৰমে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে।

তেওঁক লগে লগে সুৰক্ষা কৰ্মীয়ে আটক কৰে। যুৱকজনক ইতিমধ্যে সোধা-পোছা কৰা হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি যুৱকজনক কৃষ্ণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। তেওঁ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ বাৰাণসীলৈ আহিছিল। আৰক্ষীৰ জেৰাৰ সময়ত যুৱক জনে কয় যে তেওঁ ভাৰতীয় সেনাৰ চাকৰিৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু তেওঁ চিকিৎসা পৰীক্ষাত বিফল হৈছিল। তেতিয়াৰে পৰা তেওঁ কৰ্মসংস্থাপন বিচাৰি বিভিন্ন ব্যক্তিৰ ওচৰলৈ গৈছে। কিন্তু কোনো লাভ হোৱা নাই । যুৱকজনে কৰ্ম সংস্থাপন বিচাৰি প্ৰধানমন্ত্ৰীক লগ কৰিব বিচাৰিছিল।

Related Articles