Breaking

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁৱৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সালসলনি…

0 31

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ (চৰকাৰী আৰু ব্যক্তিগত) পাঠদানৰ সময়সূচীৰ ক্ষেত্ৰত কেতবোৰ সালসলনি কৰিছে।

সেই অনুসৰি নিম্ন প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১১.৩০ বজা, উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.১৫ বজালৈ আৰু মাধ্যমিক

তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.৫৫ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ২৫ মে’ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে এই নতুন সময়সূচী কাৰ্যকৰী হ’ব।

Leave A Reply

Your email address will not be published.