Breaking

জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰৰ স্মৃতিত ভৱন উদ্বোধন

0 1,235

জামুগুৰিহাট, ২০ ডিচেম্বৰ: জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনী শইকীয়াৰ মৃত্যু কেৱল জামুগুৰিহাটৰ বাবেই নহয় সমগ্ৰ ৰাজ্যখনৰ বাবেই এক বৃহৎ ক্ষতি৷মৃত্যু চিৰন্তন সত্য৷মৃত্যুৰ পিছত এগৰাকী ব্যক্তিক আমি ঘুৰাই আনিব নোৱাৰো যদিও তেঁওৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিব পৰা যায় ৷ অকাল মৃত্যুক আকোৱালি লোৱা সাংস্কৃতিক কৰ্মীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত মোৰ সমষ্টিৰ মধ্য চিলাবন্ধা গাঁও পঞ্চায়তৰ বিষয়া কৰ্মী আৰু ৰাইজৰ সহযোগত প্ৰয়াত সাংস্কৃতিক কৰ্মীগৰাকীৰ স্মৃতিত এটি ভৱণ উদ্বোধন কৰিবলৈ পাই মই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰাৰ লগতে শিল্পী জুমনিৰ আত্মাৰো চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ আজি জামুগুৰিহাটৰ প্ৰয়াত উদীয়মান শিল্পী জুমনি শইকীয়াৰ কোঁচগাঁৱৰ নিজা বাসগৃহৰপৰা মাত্ৰ ১ কি:মি: দূৰত্বত অৱস্থিত মধ্য চিলাবন্ধা গাঁও পঞ্চায়তত “শিল্পী জুমনি শইকীয়া স্মৃতি ভৱন”টি উদ্বোধন কৰি আৱেগিক হৈ এইদৰে কয়  চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ ভৱন উদ্বোধনী অনুষ্ঠানটিত বিহু,শংকৰী কলাকৃষ্টিৰে পৰিপুষ্ট বহুমুখী প্ৰতিভাৰ অধিকাৰী শিল্পীগৰাকীৰ লগত ওতপ্ৰোত সম্পৰ্ক থকা তথা ৰাজ্যৰ ইমুৰৰপৰা সিমুৰলৈ বিহুমঞ্চসমুহ কপাই তোলা জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুৱা দলটিকো শিল্পী জুমনিৰ অনুপস্থিতিত পূৰ্বৰ সেই ধাৰাবাহিকতা তথা সুনাম  অনাগত দিনসমুহতো অক্ষুন্ন ৰাখি শিল্পীগৰাকীক সকলোৰে মাজত জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও বিহু দলটিক আহবান জনাই বিধায়ক হাজৰিকাই ৷ সমাজকৰ্মী শৈলেন বৰকটকী আৰু যুৱ সমাজকৰ্মী ৰাতুল নাথে যুটীয়াভাৱে আঁত ধৰা স্মৃতি ভৱন উদ্বোধনী অনুষ্ঠানটিত প্ৰয়াত শিল্পী জুমনিৰ শইকীয়াৰ পৰিয়ালবৰ্গও উপস্থিত থাকি জুমনিৰ স্মৃতিত ভৱনটি উচৰ্গিত কৰি স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে লোৱা এনে পদক্ষেপৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়া কৰ্মীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে পৰিয়ালবৰ্গই৷১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটিৰ উদ্বোধনী অনুষ্ঠানটিত নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা,বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতীয়া বৰা, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, মধ্য চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী জলী ভড়ালী, আঞ্চলিক পঞ্চায়তৰ সদস্য দীনেশ দাস, বিমান বৰা, নিৰজ বৰা, প্ৰফুল্ল নাথ, আহবায়ক বিজয় কটকীকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে জামুগুৰিহাটৰ কোঁছগাঁৱৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনি শইকীয়া(২৮) যোৱা ৭ নৱেম্বৰত বালিপাৰাৰ নিকটৱৰ্তী দীঘলীত এক পথ দূৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালী ল’বলগীয়া হৈছিল ৷ শিল্পীগৰাকীৰ স্মৃতিত এইদৰে সামুহিক ভৱন এটি উচৰ্গা কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে জামুগুৰিবাসী ৰাইজে ৷

Leave A Reply

Your email address will not be published.