Breaking

ৰাম মন্দিৰৰ উদ্বোধনঃ অযোধ্যাৰ বহু এলেকাত নিষিদ্ধ মদ-মাংস…

0 43

অযোধ্যাৰ বহু এলেকাত নিষিদ্ধ কৰা হ’ল মদ-মাংস। ২০২৪ চনৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। তাৰবাবে ব্যাপক আয়োজন চলি আছে। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী নীতিন আগৰৱালাই অযোধ্যাৰ ৮৪ কোচি পৰিক্ৰমা অঞ্চলত সুৰা উপলব্ধ নহ’ব বুলি ঘোষণা কৰে। এই অঞ্চলত সুৰা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। আঁতৰাই দিয়া হ’ব সকলো সুৰাৰ দোকান। ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ক সাক্ষাৎ কৰিবলৈ অযোধ্যালৈ আহে নীতিন আগৰৱালা। তেওঁ কয় যে শ্ৰী ৰাম মন্দিৰ এলেকাত ইতিমধ্যে সুৰা নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে। ৰাম মন্দিৰৰ অঞ্চলত সুৰা বিক্ৰী নহ’ব। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে।

অলপতে অযোধ্যালৈ অহা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সুৰা বিক্ৰী নিষিদ্ধ কৰাৰ ইংগিত দিছিল। আনহাতে, ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত আছে। অযোধ্যাক স্থানীয় আৰু বিদেশী ফুল আৰু তোৰণেৰে সজাই তোলা হৈছে। ইয়াৰ বাবে অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ বাহিৰেও পশ্চিমবংগ, মথুৰা আৰু সীতাপুৰৰ পৰা ৭০০-৮০০ শিপিনীৰ সমাগম হৈছে। কলকাতা, কানপুৰ, দিল্লী, বাংগালুৰুৰ উপৰিও অযোধ্যা সজোৱাৰ বাবে বহিঃৰাজ্যৰ পৰাও ফুল অনা হৈছে।

Leave A Reply

Your email address will not be published.