Breaking

খৈৰাবাৰীত ৩১তম ওদালগুৰি জিলা বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশনৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন

0 2,049

ওদালগুৰি জিলা বাথৌ মহাসভাৰ সৌজনত  ৩১ তম বাৰ্ষিক অধিৱেশন অহাঁ‌ ২০২২ বৰ্ষৰ ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখত ওদালগুৰি জিলা খৈৰাবাৰী আৰেংপাৰত অনুষ্ঠিত কৰা হ’ব । পৰিপেক্ষিতত  প্ৰস্তুতি অব্যাহত ৰাখিছে, সংশ্লিষ্টত আজি ৭ নৱেম্বৰ দেওবাৰে খৈৰাবাৰী চহৰত অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় উন্মোচন কৰে।উল্লেখ্য যে  বাথৌ ধৰ্মৰ প্ৰচলনৰ দ্বাৰাই বড়ো সমাজখনক বন্ধনৰ এনাজৰী অতুত ৰাখি হিংসাত্মক ক্ৰিয়া-কলাপৰ পৰা বিৰত ৰাখি সমিল-মিলৰে বড়ো জনগোষ্ঠীক আগুৱাই নিয়াত অভূতভাৱে সহাৰী জনাই আহিছে যাৰ বাবে বড়ো জনগোষ্ঠীয় লোক সকলে প্ৰতিবছৰে বাথৌ ধৰ্মৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰি আহিছে।

সেয়েহে এইবেলিও ২০২২ বৰ্ষৰ ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখত প্ৰায় ২২ টা বাথৌ আঞ্চলিক সমিতিৰ সহযোগত জিলা ভিক্তিত ৩১ তম ওদালগুৰি জিলা বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰিবৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে।

সেয়েহে আজি খৈৰাবাৰী চহৰত ওদালগুৰি জিলা বাথৌ মহাসভাৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় উন্মোচন কৰে ৬৫ নং  কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ  বিধায়ক দূৰ্গাদাস বড়োয়ে।লগত উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা বথৌ মহাসভাৰ সভাপতি তথা কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ প্ৰাক্তণ বিধায়ক মহেশ্বৰ বড়ো লগতে ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়ো সহ প্ৰফেচাৰ হিৰণ ডেকা, সমাজ সেৱক ধ্ৰুৱজ্যুতি বড়ো। 

 জিলা বাথৌ মহাসভাৰ উপসভাপতি মোনমিল বড়ো লগতে প্ৰায় শতাধিক বাথৌ মহাসভাৰ প্ৰতিনিধি উপস্থিত থকা কাৰ্যালয় উদ্ধোধন কাৰ্যসূচীত উদ্ধোধক বড়োয়ে বাথৌ ধৰ্ম প্ৰচাৰৰ বাবে  অহৰহ  কস্ত কৰি যোৱা মহান ব্যক্তি সকলক শলাগ লোৱাৰ লগতে, অনাগত দিনত যাতে বড়ো বড়োজনগোষ্ঠীয় লোক সকলে অন্য ধৰ্মলৈ ৰূপান্তৰ হোৱাত ধাৱমান নহয় তাৰ বাবে বড়ো জনগোষ্ঠীয় লোকসকলৈ অহ্বান জনাই।

Leave A Reply

Your email address will not be published.