দৈনন্দিন বাৰ্তা প্ৰতিবেদন
ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দেশত লকডাউন দিয়া হ’ল৷ এই লকডাউনৰ লগে লগে দেশত নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিলে৷ আনকি উচ্চ শিক্ষাৰে শিক্ষিত হ’লেও দেশত পাবলৈ নাই চাকৰি৷ ইয়াৰ লগতে দেশৰ অৰ্থনৈতিক অৱস্থা ক্ৰমশঃ নিন্মগামী৷ সেইবাবে বহুৱে চাকৰি হেৰুৱাব লগা হৈছে৷ ইয়াৰ ফলত চাকৰি নাপায় নিবনুৱা আৰু চাকৰি কৰি ক’ৰোনাৰ বাবে হেৰুৱাই নিবনুৱা হৈছে বৃহৎ সংখ্যক৷ কিন্তু পেটৰ ভোক নিবাৰণৰ বাবে কিবা এটা কৰিব লাগিব৷ পৰিয়াল পোহপাল দিব লাগিব৷ তেনে দিশৰ প্ৰতি গুৰুত্ব দি স্নাতক বা স্নাতকোত্তৰ যি ডিগ্ৰী থাকক তালৈ মন দিবলৈ এতিয়া সময় নাই৷ ফলত একাংশই এমজিএনৰেগাৰ দৰে কাম কৰিবলৈ লৈছে৷ দুমাহ ধৰি হৈ গ’ল লকডাউন৷ এই লকডাউনৰ ফলত দেশত আয়ৰ পৰিৱৰ্তে ব্যয় বেছি হ’ল৷ লাভ বুলিবলৈ ক’তো নাই৷ কেৱল লোকচান৷ দেশত ব্যৱসায়-বাণিজ্যত আহি পৰিল স্থবিৰতা৷ এনে সময়ত যুৱ সমাজে চাকৰি এটা পোৱাটো পাহাৰত কাছ কণী বিচৰাৰ দৰে হ’লগৈ৷ এই সময়তে এমজিএনৰেগাত নাম লিখাইছে উত্তৰ প্ৰদেশৰ যুৱকে৷ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক ৰোহন কুমাৰ৷ এইজন যুৱকে চাকৰি বিচাৰি হাবাথুৰি খালে৷ অৱশেষত ক’ৰোনাৰ বাবে আহিল লকডাউন৷ কিন্তু পেটৰ ভোকে জানো কিবা বুজি পায়? শিক্ষাৰ দ্বাৰা আহৰণ কৰা ডিগ্ৰী ঘৰতে থৈ যুৱকজনে এমজিএনৰেগাত কাম বিচাৰিলে৷ মন কৰিব লগা যে লকডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত থকা কৰ্মচাৰী ঘৰলৈ ঘুৰি আহে৷ ফলত কৰ্মহীন হৈ পৰে বহু লোক৷ দেশত এনেদৰে কমেও ৩০ লাখ লোক কৰ্মহীন হৈ পৰে বুলি প্ৰকাশ৷ এনে লোকক এমজিএনৰেগাত নিযুক্ত কৰাৰ কথা কোৱা হৈছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত এই লোকসকলেই নহয় উচ্চ শিক্ষিতসকলেও এতিয়া দ্বিগ্বাহীনভাৱে এনে কাম বিচাৰিছে৷ ইয়াৰ লগে লগে দেশত নিবনুৱাৰ ভয়াৱহ দৃশ্য প্ৰকট হৈ পৰিছে৷