Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদত স্বাধীনতা দিৱস উদযাপনঃ আপ্পুন-তীৰ্থাংকক সম্বৰ্ধনা…

0 1,580

সমগ্ৰ দেশৰ দৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়তো দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰা হয় ৷ দিনজোৰা কাৰ্যসূচীৰে কালি অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত পুৱা ৭-০ বজাত শ্বহীদ তৰ্পন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ ৪-৫০ বজাত পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ পতাকা উত্তোলন কৰি তেওঁ কয়- আমাৰ দেশৰ মহান বীৰ যোদ্ধাৰ ত্যাগৰ বিনিময়ত আমাৰ দেশে ব্ৰিটিছ হাতৰ পৰা মুক্ত হৈ আজিৰ দিনটোত দেশে স্বাধীনতা লাভ কৰিছিল ৷ দেশৰ অজস্ৰ দেশপ্ৰেমিকৰ আত্ম বলিদানৰ বাবে আজি আমি স্বাধীন দেশৰ নাগৰিক হিচাপে নিজকে পৰিচয় দিব পাৰিছো আৰু ৭৫ বছৰীয়া গৌৰৱোজ্বল স্বাধীনতা দিৱস উদ্‌যাপন কৰাৰ সুবিধা লাভ কৰিছোঁ বুলি তেওঁ মন্তব্য দিয়াৰ লগতে দেশৰ নৱপ্ৰজন্মক দেশৰ বীৰ শ্বহীদ সকলৰ অনুকৰণ কৰিবলৈ আহ্বান জনাই আৰু কৰ্মমূখী জীৱনেৰে আত্ম নিৰ্ভৰ দেশ গঢ়াত আগবাঢ়ি আহিবলৈ ভাষণ প্ৰসংগত আহ্বান জনায় ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নমূখী আঁচনি ৰূপায়ন সম্পৰ্কত তেওঁ কয়- মিচিং স্বায়ত্তশাসিত পৰিষদখন উন্নয়নমূখী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত অন্য স্বায়ত্তশাসিত পৰিষদবোৰতকৈ বহুত আগত আছে৷

পৰিষদে ৰূপায়ন কৰা জীৱন-জীৱিকা আঁচনিয়ে নিৱনুৱা সকলক আত্মসংস্থাপন তথা আত্মনিৰ্ভৰশীল হোৱাত সুদূৰপ্ৰসাৰী ভুমিকা পালন কৰিছে ৷ এই আঁচনিৰ বাবে পৰিষদে পৰ্যাপ্ত পৰিমাণে ধন খৰচ কৰিছে ৷ দক্ষতা বিকাশ আঁচনিৰ ক্ষেত্ৰতো পৰিষদে নিৱনুৱা যুৱ-যুৱতী সকলক বহুল পৰিমাণে সহায় কৰিছে ইয়াৰ পৰাও যুৱক-যুৱতী সকল এশ শতাংশই লাভান্বিত হৈছে ৷ শিক্ষা, যাতায়াত, গৃহ নিৰ্মাণ, সাংস্কৃতি, পৰ্যটন, ক্ৰীড়া, জনস্বাস্থ্য, বান নিয়ন্ত্ৰণ, কৃষি, হস্ততাঁত, উদ্যান শস্য, মীন, চিকিৎসা, ভেৰ্টেনেৰী আদি বিভিন্ন বিভাগত পৰিষদে বিপুল পৰিমাণৰ টকা খৰচ কৰিছে আৰু ইয়াৰ সু-ফল পৰিষদীয় অঞ্চলৰ ৰাইজে লাভ কৰা বুলি তেওঁ দোহাৰে ৷ পুৱা ১১ বজাত নৃত্যশিল্পী অনুস্মিতা অজয় পাতিৰে নৃত্য পৰিৱেশন কৰে ৷ দুপৰীয়া ১২ বজাত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৬ বছৰ অনুৰ্ধ্বৰ সাঁতোৰ প্ৰতিযোগিতা দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক প্ৰাপ্ত তীৰ্থাংক পেগু আৰু জি টি ভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডি আই ডি লিটিল মাষ্টাৰত প্ৰথম ৰাণাৰ আপ প্ৰাপ্ত আপ্পুন পেগুক সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ৫০ হাজাৰকৈআৰ্থিক সাহায্য প্ৰদান কৰে ৷ তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত পৰিষদীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলকো সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ২০ হাজাৰকৈ টকা প্ৰদান কৰে৷

অনুষ্ঠানটো নৃত্যশিল্পী আপ্পুন পেগুৱে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আকৰ্ষিত কৰে ৷ সামগ্ৰীক অনুষ্ঠানটো আঁত ধৰে পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে ৷ অনুষ্ঠানটোত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য, গোগামুখৰ জেষ্ঠ ব্যক্তি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী আৰু বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.