Breaking

২৮ জুলাইৰ পৰা গোগামুখত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা…

0 70

লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমামূৰীয়া ক্ৰীড়া সংগঠক ন-গাঁও যুৱক সংঘৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবছৰো স্বাধীনতা দিৱস প্ৰাইজমাণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাখন ২৮ জুলাইৰ পৰা অনুুষ্ঠিত হ’ব৷ ধেমাজি জিলাৰ গোগামুখস্থিত নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগা উক্ত ফুটবল প্ৰতিযোগিতাখন নপ আউট পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু প্ৰতিযোগিতাখনৰ মুঠ প্ৰাইজমাণি এক লাখ এঘাৰ হাজাৰ টকা৷ 

প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ গোগামুখৰ সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী কল্যাণ গগৈক সভাপতি, সমাজকৰ্মী ৰাজেন শইকীয়াক কাৰ্যকৰী সভাপতি, ক্ৰীড়া সংগঠক সদানন্দ দাসক সম্পাদক, লেনিন শইকীয়া, দিগন্ত হাজৰিকাক যুটীয়া সম্পাদক, কৃষ্ণ বৰুৱা আৰু নিৰঞ্জন ৰয়ক সহ সম্পাদক হিচাপে লৈ প্ৰতিযোগিতাখনৰ অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ ইচ্ছ্যুক ফুটবল দলসমূহক ৬০০০১৯১০০৪, ৮০১১৯৯৯২১৪, ৯৪০১৫৭২২৮০০ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ প্ৰতিযোগিতাৰ  উদ্যোক্তাসকলে আহ্বান জনাইছে৷

Leave A Reply

Your email address will not be published.