Breaking

ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা

0 35

ভাৰতৰ ইণ্ডিয়ান প’ৰ্টছ গ্ল’বেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ মাজত চাবাহাৰ বন্দৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়, যাৰ ফলত চাবাহাৰ বন্দৰ উন্নয়ন প্ৰকল্পত ভাৰতে ১০ বছৰৰ বাবে শ্বাহিদ বেহেস্তি পৰিচালনা সক্ষম কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছে আজি তেহৰাণত অনুষ্ঠিত এই ঐতিহাসিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ২০১৬ চনৰ ২৩ মে’ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত তেহৰাণত এই বন্দৰৰ পদক্ষেপ ত্বৰান্বিত কৰা হৈছিল।

এই চুক্তিৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু বিশেষকৈ ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত বাণিজ্যৰ সুবিধা ত্বৰান্বিত কৰা। আইপিজিএলৰ সহায়ক সংস্থা ইণ্ডিয়া প’ৰ্টছ গ্ল’বেল চাবাহাৰ ফ্ৰী জ’নে ২০১৯ চনত আফগানিস্তানৰ পৰা ভাৰতলৈ সামগ্ৰী ৰপ্তানি ত্বৰান্বিত কৰিছিল। ২০২২ চনৰ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চাবাহাৰ ভ্ৰমণৰ লগে লগে দীৰ্ঘম্যাদী চুক্তিৰ সন্দৰ্ভত আলোচনা ক্ষিপ্ৰতৰ হৈছিল। এই ১০ বছৰীয়া দীৰ্ঘম্যাদী লীজ চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব আৰু বাণিজ্যৰ নতুন পথ প্ৰশস্ত কৰিব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে এক ঐতিহাসিক দিন কিয়নো ভাৰত আৰু ইৰাণে চাবাহাৰ বন্দৰ সন্দৰ্ভত এই দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰি ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত ত্ৰিপাক্ষিক বাণিজ্য বৃদ্ধিৰ লগতে সামুদ্ৰিক সহযোগিতা আৰু পৰিবহণৰ এক নতুন যুগৰ সূচনা কৰিছে। ভাৰতে চাবাহাৰ বন্দৰত বিনিয়োগ অব্যাহত ৰখাৰ ফলস্বৰূপে ইয়াৰ দক্ষতা আৰু ক্ষমতা অধিক বৃদ্ধি হ’ব। সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি দৃঢ় হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত চাবাহাৰত ভাৰতৰ নিৰন্তৰ সম্পৰ্কই বিশ্ব যোগান শৃংখলাত ভাৰত আৰু ইৰাণৰ ভূমিকা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত ভাৰতৰ বাণিজ্যৰ গুৰুত্ব বৃদ্ধি কৰিব। ভাৰতে বাণিজ্যিক সম্পৰ্কৰ বাহিৰেও আঞ্চলিক উন্নয়নত সহায় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ সুদৃঢ় কৰি মানৱীয় সাহায্য ৰপ্তানিৰ বাবেও বন্দৰটো ব্যৱহাৰ কৰিব।”

সোণোৱালে লগতে কয়, “চাবাহাৰ বন্দৰৰ গুৰুত্ব ভাৰত আৰু ইৰাণৰ মাজতে সীমাবদ্ধ নাথাকে; ই মধ্য এছিয়াৰ দেশসমূহ, আফগানিস্তান আৰু ভাৰতক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপেও কাম কৰিব। এই সংযোগে বৃহৎ অঞ্চলটোত বাণিজ্য আৰু সুৰক্ষিত যোগান শৃংখলাৰ স্থিতিস্থাপকতাৰ বাবে নতুন পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে শক্তিশালী যোগান শৃংখলা নেটৱৰ্কৰ সৈতে এক মুখ্য সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হোৱাৰ পথত প্ৰসাৰিত গৈছে। চাবাহাৰ বন্দৰ আৰু ভাৰতীয় বন্দৰৰ মাজত নিয়মীয়া জাহাজৰ চলাচলৰ দিশটোৱে ব্যৱসায়ীসকলৰ মাজত নতুন আশা জাগ্ৰত কৰিছে।”

ভাৰতৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে চাবাহাৰ বন্দৰৰ গুৰুত্ব সম্পৰ্কে সৰ্বানন্দ সোণোৱালে কয়, “এই প্ৰকল্পটোৱে ভাৰতীয় উদ্যোগীসকলক দীৰ্ঘম্যাদী সম্ভাৱনাৰ অন্বেষণ কৰাত সহায় কৰিব। পাৰস্পৰিক অৰ্থনৈতিক বিকাশ আৰু সহযোগিতা বৃদ্ধি কৰাত এই চুক্তিৰ ভূমিকা হ’ব অপৰিসীম। এইছেগতে মই ইৰাণৰ নেতৃত্বক তেওঁলোকৰ অকুণ্ঠ সহযোগিতা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সদিচ্ছাই এই প্ৰকল্পটোক দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে এক কাৰ্যকৰী বাস্তৱলৈ পৰিণত কৰিছে।”

ইৰাণৰ দক্ষিণ পশ্চিম উপকূলৰ চিস্তান-বালুচিস্তান প্ৰদেশত অৱস্থিত চাবাহাৰ বন্দৰ হৈছে ভাৰতৰ পশ্চিম উপকূলৰ পৰা সহজে প্ৰৱেশ কৰিব পৰা আৰৱ সাগৰৰ এক গুৰুত্বপূৰ্ণ বিন্দু। গুজৰাটৰ কান্দলা বন্দৰ ৫৫০ নটিকেল মাইলেৰে চাবাহাৰ বন্দৰৰ আটাইতকৈ নিকটতম, আনহাতে চাবাহাৰ আৰু মুম্বাইৰ মাজৰ দূৰত্ব ৭৮৬ নটিকেল মাইল। ২০১৯ চনৰ পৰা ই ৮০,০০০তকৈও অধিক টিইইউ আৰু ৮ নিযুত টনতকৈ অধিক বাল্ক আৰু সামগ্ৰীৰ কণ্টেইনাৰ ট্ৰেফিক পৰিচালনা কৰিছে। চাবাহাৰ বন্দৰৰ লক্ষ্য হৈছে পাৰস্পৰিক অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ লগতে নিযুক্তিৰ নতুন নতুন সুযোগ সৃষ্টি কৰা। কৌশলগতভাৱে অৱস্থিত এই বন্দৰটোৱে মধ্য এছিয়াৰ দেশসমূহ আৰু আফগানিস্তানৰ মাজত কাৰ্গ’ ট্ৰেফিক পৰিচালনাৰ বাবে হৰমুজ প্ৰণালীৰ পৰা এক বৈকল্পিক পৰিবহণ পথ প্ৰশস্ত কৰিছে। এই বিবিধতাই অঞ্চলটোত ভাৰতৰ কৌশলগত স্থিতিও শক্তিশালী কৰিছে।

Leave A Reply

Your email address will not be published.