India GDP: ১০ বছৰৰ ভিতৰত দুগুণলৈ বৃদ্ধি ভাৰতৰ জিডিপি, ২০২৭ চনৰ ভিতৰত জাপান আৰু জাৰ্মানীকো কৰিব অতিক্ৰম !

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ মুদ্ৰাস্ফীতি সম্পৰ্কীয় তথ্য অনুসৰি ভাৰতৰ জিডিপি ২০১৫ চনত ২.১ ট্ৰিলিয়ন ডলাৰৰ পৰা ২০২৫ চনত আনুমানিক ৪.৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যিয়ে ১০৫ শতাংশৰ আকৰ্ষণীয় বৃদ্ধিৰ কথা প্ৰতিফলিত কৰিছে ।(India GDP) শনিবাৰে বিজেপি নেতা অমিত মালভিয়াই তেওঁৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা প্ৰতিবেদনৰ তথ্য অনুসৰি বৃদ্ধিৰ এই ঘটনাক্ৰমে ভাৰতক বিশ্বৰ অৰ্থনৈতিকভাবে শক্তিশালী দেশসমূহৰ মাজৰে এখন হিচাপে স্থান দিছে। এনে অগ্ৰগতিৰ জড়িয়তে ভাৰতে জিডিপিৰ ক্ষেত্ৰত জাপান আৰু ২০২৭ চনৰ ভিতৰত জাৰ্মানীক অতিক্ৰম কৰিবলৈ সাজু হৈছে।

আই এম এফৰ তথ্যই নীতি সম্পৰ্কীয় সংস্কাৰ আৰু শক্তিশালী বিকাশৰ গতিবেগৰ দ্বাৰা পৰিচালিত ভাৰতৰ দ্ৰুত অৰ্থনৈতিক উত্থানক উজ্জ্বল কৰি তুলিছে।“এই অসাধাৰণ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্ব আৰু তেওঁৰ চৰকাৰৰ অদম্য প্ৰচেষ্টাৰ প্ৰমাণ,” মালবিয়াই পোষ্টটোত কয়। সক্ৰিয় অৰ্থনৈতিক নীতি, দূৰদৰ্শী গাঁথনিগত সংস্কাৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰাত সহজতাৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰে ভাৰতক বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ স্থানলৈ আগুৱাই লৈ গৈছে— যি কৃতিত্ব স্বাধীনতাৰ পিছত পূৰ্বৰ কোনো চৰকাৰে লাভ কৰা নাছিল, তেওঁ লগতে কয়। চলিত মাহৰ আৰম্ভণিতে ভাৰতৰ “বিচক্ষণ” নীতিক প্ৰশংসা কৰি আই এম এফৰ কাৰ্যবাহী ব’ৰ্ডে কয় যে দেশখনৰ শক্তিশালী অৰ্থনৈতিক প্ৰদৰ্শনে ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থনীতিৰ মৰ্যাদা লাভৰ বাবে জটিল সংস্কাৰ গ্ৰহণ কৰাত সহায় কৰিব পাৰে “।

আৰ বি আইৰ শেহতীয়া মাহেকীয়া বুলেটিন অনুসৰি ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি পাইছে। প্ৰত্যাহ্বানমূলক আৰু অনিশ্চিত হৈ অহা বিশ্বৰ পৰিৱেশৰ মাজতে আই এম এফ আৰু বিশ্ব বেংকৰ জিডিপি বৃদ্ধিৰ হিচাপ অনুসৰি ২০২৫-২৬ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিয়ে ক্ৰমে ৬.৫ শতাংশ আৰু ৬.৭ শতাংশ জিডিপি বৃদ্ধিৰ অনুমান কৰা হৈছে।

Related Articles