আজি ধুবুৰী মুখ্য ডাক কাৰ্য্যলয়ৰ সন্মুখত সৰ্বভাৰতীয় পৰ্য্যায়ত NFPE আৰু FNPO’ক লৈ গঠিত Postal JCA’ৰ আহ্বানত ধুবুৰীৰ ডাক কৰ্মচাৰী সকলৰ দুদিনীয়া কাৰ্য্যসূচীৰে সৰ্ব ভাৰতীয় সাধাৰণ ধৰ্মঘট পালন কৰে ৷দাবী সমূহ হৈছে ৷ কাৰ্য্য সুচীত উপস্থিত থাকে এন পি এফই ব্ৰাঞ্চ সম্পাদক অমৰেন্দ্ৰ ৰয়, ইয়াছিন আলী সেখ, ডিভিশনাল সেক্রেটাৰী, আনন্দ বৰ্মন, সহ ১১৪ জন পোষ্ট মেন, আৰু এম টি এস উপস্থিত থাকে।উল্লেখ্য প্ৰধান দাবি
– NPD বাতিল কৰা আৰু সকলোৰে বাবে পুনৰাই OPS চালু কৰা।- ডাক বিভাগৰ ব্যক্তিগতকৰণ, আউট চোৰ্চিং আৰু ডাক মিত্ৰ স্কিম বন্ধ কৰা ৷-
GDS কৰ্মচাৰী সকলক বিভাগীয়কৰণ আৰু সামাজিক সুৰক্ষা প্ৰদান কৰা । – অবাস্তৱ টাৰ্গেটৰ নামত কৰ্মচাৰী হাৰাশাস্তি বন্ধ কৰা। – RMS’ৰ চেক্চনসমূহ পুনৰ চালু কৰা আৰু RTN বন্ধ কৰা। – PACO আৰু PASBCO আদিকে ধৰি সনলো কেডাৰৰ নিজ নিজ পৰিচয় বাহাল ৰখা। – Postal Accounts আৰু DPLI বিকেন্দ্ৰীকৰণ বন্ধ কৰা ৷ – সকলো খালি পদ পূৰণ কৰক ৷ প্ৰমোচনৰ পদসমূহ অতিশীঘ্ৰে পূৰণ কৰক ।- নতুন নতুন পাৰ্চেল হাব আৰু স্পীড পোষ্ট হাব খুলি RMS Office শক্তিশালী কৰা ৷- Post office আৰু RMS’ত ৫ দিনীয়া সপ্তাহ চালু কৰা ৷- পাৰ্ট টাইম অস্থায়ী কৰ্মচাৰীক নিয়মীয়াকৰণৰ দাবীত আজি ধুবুৰী ডাক কৰ্মচাৰী সকলে সাধাৰণ ধৰ্মঘট পালন কৰে ৷