Breaking

ভাৰত বিশ্বাস আধ্যাত্মিকতা পৰম্পৰাৰ বৈচিত্ৰ ভূমি। গনতন্ত্ৰৰ মাতৃ আমাৰ দেশ- মোদী…

0 52

গনতন্ত্ৰৰ মাতৃ ভাৰত গনতান্ত্ৰিক নীতিত বিশ্বাসী। অনাদি কালৰ পৰা এই নীতিত দৃঢ় হৈ থকা ভাৰতে ” বসুধৈৱ কুটুম্বকম”ৰ মৌলিক নীতিৰে বিশ্বখনক এটা পৰিয়াল কৰি লৈছে। নতুন দিল্লীত অনুষ্ঠিত জি-২০ৰ সন্মিলনত নিজৰ ভাষন প্ৰসংগত এই মন্তব্য দাঙি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ বিশ্বখনক এটা পৰিয়ালৰ ধাৰণাৰে প্ৰতিগৰাকী ভাৰতীয়কে এক বিশ্বৰ দায়িত্ববোধেৰে সংযোগ কৰা বুলি উল্লেখ কৰি ভাৰত বিশ্বাস আধ্যাত্মিকতা আৰু পৰম্পৰাৰ বৈচিত্ৰ ভূমি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নিজৰ ভাষন প্ৰসংগত। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বই জলবায়ু সুৰক্ষা নীতিৰে সংগতি ৰাখি “আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ” উদযাপনৰ মনোভাবেৰে চিপিঅ’-২৬ ত গ্ৰীন গ্ৰীডছ ইনিচিয়েটিভ, ” এক সূৰ্য এক বিশ্ব এক গ্ৰীড” ৰ শুভাৰম্ভ কৰা বুলি বিশ্বৰ নেতাসকলৰ আগত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষন প্ৰসংগত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰোজেন উৎপাদনৰ বিষয়ে উল্লেখ কৰি গ্ৰীন ক্ৰেডিটে আমাক আগুৱাই যোৱাৰ পথ দেখুৱাইছে বুলি মত প্ৰকাশ কৰে। তেওঁ জি-২০ ৰ দেশ সমূহক “সেউজ ঋন পদক্ষেপ ” ৰ কাম আৰম্ভ কৰাৰো প্ৰস্তাব উত্থাপন কৰে নিজৰ ভাষন প্ৰসংগত।

Leave A Reply

Your email address will not be published.