Breaking

ভাৰত ধৰ্মনিৰপেক্ষ দেশ-ক্ষুদ্ধ আদালত…

0 82

এইবাৰ বাঙালী সম্প্ৰদায়ৰ গুৰু শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰক ” পৰমাত্মা” কৰিবলৈ আৰ্জি উচ্চতম ন্যায়ালয়ক। এগৰাকী ভক্তই এই বিষয়ে এক আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত।

ন্যায়াধীশ এম আৰ শ্বাহে আবেদন খাৰিজ কৰি ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ বুলি উল্লেখ কৰি আবেদনকাৰীক কয় যে সকলোৰে নিজৰ ইচ্ছা থাকে কাক গুৰু মানি লব। এইয়া এক অধিকাৰ বুলি ন্যায়াধীশ শ্বাহে আবেদনকাৰীক ওলোটাই প্ৰশ্ন কৰি কয় আপোনাৰ মতে এইয়া জাপি দিব লাগে। ধৰ্মনিৰপেক্ষ দেশত কোনো নাগৰিকক এনে ধৰণে বাধ্যতামূলক কৰিব নোৱাৰে। ন্যায়ালয়ে আবেদনকাৰীক তীব্ৰ ককৰ্থনা কৰি এক লাখ টকাৰ জৰিমনা বিহে।

চাৰি সপ্তাহৰ ভিতৰত আদালতত ধনৰাশি জমা দিবলৈকো ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে ভবিষ্যতে এনে আবেদন দিয়াৰ ক্ষেত্ৰত দহবাৰ ভাবিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে অনুকুল ঠাকুৰক পৰমাত্মা ঘোষনা কৰি এক প্ৰকাৰ তেওৰ ওপৰত আন কোনো গুৰু নাই বুলি আবেদনকাৰীয়ে এক বিশ্বাস জন্মাবলৈ চেষ্টা কৰা বুলি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। অবশ্যে ন্যায়ালয়ে তেনে প্ৰচেষ্টাত চেচা পানী ঢালে।

Leave A Reply

Your email address will not be published.