Nuclear Powered Ballistic Missile Submarine: দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন-৪ উন্মোচন

নতুন দিল্লী, ২৪ অক্টোবৰ: নিজৰ পাৰমাণৱিক শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ’ল ভাৰত। খবৰ অনুসৰি বিশাখাপট্টনমৰ উপকূলত নৌসেনাই দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন (SSBN) উন্মোচন কৰে(Nuclear Powered Ballistic Missile Submarine)। ছাবমেৰিনখনৰ উন্মোচন উপলক্ষ্যে বিশাখাপট্টনমৰ জাহাজ নিৰ্মাণ কেন্দ্ৰত(Shipbuilding Centre) এক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, তেলেংগানাৰ বিকাৰবাদ জিলাৰ দমাগুণ্ডামত ভিএলএফ ৰাডাৰ ষ্টেচনৰ আধাৰশিলা স্থাপনৰ এদিন পিছতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। চলিত বৰ্ষৰ আগষ্ট মাহত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defense Minister Rajnath Singh) এছ এছ বি এন আৰিঘাট(INS Arighat)ক নৌসেনাক গতাই দিছিল।

শত্ৰুৰ সৈতে মোকাবিলা কৰাত ছাবমেৰিনে বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি নৌসেনাৰ এগৰাকী বিষয়াই কয় যে এই ছিৰিজৰ চতুৰ্থখন চাবমেৰিন আই এন এছ অৰিধমান অহা বছৰৰ ভিতৰত সাজু হৈ উঠিব। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শত্ৰুপক্ষক প্ৰতিহত কৰাত ছাবমেৰিনখনে শক্তিশালী ভূমিকা পালন কৰিব বুলিও বিষয়াগৰাকীয়ে কয়।

নিৰাপত্তাৰ বাবে পাৰমাণৱিক ছাবমেৰিনক সাধাৰণতে ইয়াৰ প্ৰাৰম্ভিক ক’ডত দিয়া নামেৰেহে নামাকৰণ কৰা হয়। এই ক্ৰমত আই এন এছ চক্ৰৰ নাম ‘S1’, অৰিহন্তক S2, অৰিঘাটক S3 আৰু অৰিধমানক S4 হিচাপে ক’ড দিয়া হৈছে। শেহতীয়াকৈ উৎক্ষেপণ কৰা ছাবমেৰিনখনক S4 ক’ডেৰে নাম দিয়া হৈছে(INS S4)। অৱশ্যে অতি সোনকালে এইখন ছাবমেৰিনৰ চৰকাৰী নাম দিয়া হ’ব।

এই পাৰমাণৱিক ছাবমেৰিনখন প্ৰায় ৭৫ শতাংশ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। এই ছাবমেৰিনখনে ৩৫০০ কিলোমিটাৰ দূৰত্বৰ কে-৪ পাৰমাণৱিক বেলিষ্টিক ক্ষেপণাস্ত্ৰ(K-4 nuclear ballistic missiles) ব্যৱহাৰ কৰিবলৈ সক্ষম। এই ক্ষেপণাস্ত্ৰসমূহক উলম্বভাৱে নিক্ষেপ কৰিব পাৰি।

এছ এছ বি এন ছিৰিজৰ প্ৰথম প্ৰজন্মৰ পাৰমাণৱিক ছাবমেৰিন আই এন এছ অৰিহন্তই ৭৫০ কিলোমিটাৰ দূৰত্বৰ কে-১৫ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ(K-15 nuclear missiles) মাউণ্ট কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে পিছলৈ উন্নীতকৃত ছাবমেৰিনসমূহে কে-৪ ক্ষেপণাস্ত্ৰ মাউণ্ট কৰিবলৈ সক্ষম হৈছিল।

Related Articles