Breaking

India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

26

ভাৰতে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰীত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক বৃদ্ধি কৰি আহিছে । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়চোৱাত ডিজিটেল প্ৰযুক্তি, অৰ্ধপৰিবাহী, স্বাস্থ্য আৰু শিক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ছিংগাপুৰৰ মাজত হোৱা বুজাবুজিৰ চাৰিখন গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হয়(India Singapore agreements)।

নতুন দিল্লী, ৬ ছেপ্তেম্বৰ: দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ(Southeast Asian nations) সৈতে সম্পৰ্ক উন্নীত কৰিবলৈ ভাৰতে চেষ্টা অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰত উপস্থিত হয় (Prime Minister Narendra Modi visited Singapore)। প্ৰধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে বৃহস্পতিবাৰে ভাৰত আৰু ছিংগাপুৰপৰ মাজত বিভিন্ন বিষয়ৰ চাৰিখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে(India Singapore agreements) ।

এই অনুষ্ঠানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ(Foreign Minister Dr. S. Jaishankar) আৰু ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনো উপস্থিত থাকে । ভাৰতে ছিংগাপুৰৰ সৈতে স্বাক্ষৰ কৰা এই বুজাবুজিৰ চুক্তিৰ ভিতৰত আছে ডিজিটেল প্ৰযুক্তিত সহযোগিতাৰ ক্ষেত্ৰত ছিংগাপুৰৰ ডিজিটেল উন্নয়ন আৰু তথ্য মন্ত্ৰালয় আৰু ভাৰতৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত প্ৰথমখন বুজাবুজি চুক্তি(MoU signed between India Singapore) । এই চুক্তিয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত ডিজিটেল প্ৰযুক্তি যেনে ডিপিআই, চাইবাৰ-নিৰাপত্তা, ৫জি আৰু উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা কৰিব বুলি দুয়োখন দেশে আশা কৰিছে।

ভাৰত-ছিংগাপুৰৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত এই বুজাবুজি চুক্তিৰ পৰিধিৰ অধীনত ডিজিটেল ডমেইন সম্পৰ্কীয় শ্ৰমিকসকলক উৎসাহিত কৰিব। তদুপৰি ভাৰত আৰু ছিংগাপুৰে অৰ্ধপৰিবাহী ক্লাষ্টাৰ বিকাশ আৰু অৰ্ধপৰিবাহী ডিজাইন আৰু উৎপাদনত প্ৰতিভাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ।

ইয়াৰ উপৰি ভাৰতে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ে আন এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত যৌথ প্ৰচেষ্টাত সহায় কৰিব ।

ভাৰত আৰু ছিংগাপুৰে শৈক্ষিক সহযোগিতা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিয়ে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰিব আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সহায় কৰিব(Health and Educational Cooperation Agreements)।

চুক্তি স্বাক্ষৰৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছিংগাপুৰ কেৱল ভাৰতৰ অংশীদাৰী ৰাষ্ট্ৰই নহয়, ই প্ৰতিখন উন্নয়নশীল দেশৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ হৈ পৰিছে ।

লগতে পঢ়ক: India Israel arms export: ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন

Comments are closed.