ওদালগুৰি জিলাৰ বদলাপাৰা চাহ বাগিচাত বিভিন্ন দাবীৰে ভাৰত ছাত্র ফেডাৰেচনৰ প্ৰতিবাদ

স্বাধীনতাৰ পূৰ্বে ১৮৯২ চনতে স্থাপিত হোৱা ওদালগুৰি জিলাৰ অন্তৰ্গত ভাৰত-ভুটান সীমান্তৱৰ্তী বাদলাপাৰা চাহ বাগিচাত দেওবাৰে ষ্টুডেন্ট ফেদাৰেচন অফ ইণ্ডিয়া(এছএফআই) বাদলাপাৰা শাখা সমিতিৰ উদ্যোগত শুকলাই নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত কাৰ্যসূচীত এছএফআই ৰ লগতে সদৌ অদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় লোক উপস্থিত থাকে।

বাদলাপাৰা শুকলাই নদীৰ ওপৰত পকী দলং নিৰ্মাণ, বাদলাপাৰাৰ পৰা ডিমাকুছি সংযোগী পথৰ পকীকৰণ, বাদলাপাৰাত মধ্য ইংৰাজী আৰু উচ্চতৰ মধ্যমিক বিদ্যালয় স্থাপনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দাবী লৈ এক দীঘলীয়া শাৰীৰে পদযাত্ৰাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ভাৰত ছাত্র ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিৰ উপসভানেত্ৰী অনুজা ডেকা, সম্পাদিকা সংগীতা দাস, আৰু তামুলপুৰ জিলা ভাৰত ছাত্র ফেডাৰেচনৰ সভাপতি অজয় ৰায়, সম্পাদক সঞ্জীৱ বৈশ্যৰ লগতে সচেতন ৰাইজ আৰু ছাত্র ছাত্রীসকল উপস্থিত থাকে।

Related Articles