Breaking

ভাৰত-আমেৰিকাঃ প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, অতি সোনকালে ভাৰত ভ্ৰমণলৈ আহিব ৰাষ্ট্ৰপতি জো বাইডেন…

0 25

২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে বিগত ছয় সপ্তাহত ভাৰতত অনুষ্ঠিত হোৱা নিৰ্বাচন বিশ্বৰ ইতিহাসত গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী মোডীক ফোন কৰি লোকসভা নিৰ্বাচনত এন ডি এৰ সফলতাৰ বাবে অভিনন্দন জনাইছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি অভিহিত কৰি সাধাৰণ নিৰ্বাচনৰ সফল পৰিচালনাৰ বাবে চৰকাৰ আৰু ভোটাৰক অভিনন্দন জ্ঞাপন কৰে। ইফালে হোয়াইট হাউছে অৱগত কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে অতি সোনকালে ভাৰত ভ্ৰমণ কৰিবলৈ আহিব। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে কয়, ‘ভাৰত নিশ্চিতভাৱে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু যোৱা ছয় সপ্তাহত অনুষ্ঠিত হোৱা নিৰ্বাচন বিশ্বৰ ইতিহাসত গণতন্ত্ৰৰ সৰ্ববৃহৎ পৰীক্ষা আছিল। এই মহান কামৰ বাবে আমি ভাৰত চৰকাৰ, ভোটাৰ আৰু নিৰ্বাচনী কৰ্মীসকলক শলাগ লৈছো…’


প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ আহ্বান লাভ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ এক্সত লিখিছে, ‘মোৰ বন্ধু ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা ফোন পাই মই বহুত সুখী হৈছিলো। তেখেতৰ শুভকামনা আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰশংসাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰে দায়িত্ব লোৱা পৰ্যন্ত কাৰ্যভাৰ অব্যাহত ৰাখিবলৈ কয়। ইফালে এন ডি এৰ এখন বৈঠকত সৰ্বসন্মতিক্ৰমে মোডীক মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এনেদৰে তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে মিত্ৰজোঁট চৰকাৰৰ মুৰব্বী হিচাপে শপত লোৱাৰ বাট মুকলি হ’ল।

Leave A Reply

Your email address will not be published.