Breaking

ভাৰতে আনিব ইতিহাস ! পুনৰ সাজু হৈছে চন্দ্ৰযান-৪ৰ বাবে ইছৰো

0 22

২০২৩ৰ ২৩ আগষ্ট দিনটোতে চন্দ্ৰযান-৩ এ চন্দ্ৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি ভাৰতে ইতিহাস ৰচনা কৰে । চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা ভাৰতে বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল । চন্দ্ৰযান ৩ৰ সফল অভিযানৰ পিছত চন্দ্ৰযান-৪ৰ বাবে ইছৰো পুনৰ সাজু হৈছে । চন্দ্ৰযান-৪ পৃথিৱীৰ পৰা দুটা অংশত উৎক্ষেপন কৰা হব যদিও, মহাকাশতে যানখন একলগ হৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এনে ব্যৱস্থাৰে চন্দ্ৰযান-৪ৰ অৱতৰণ যদিহে সফল হয়, তেন্তে পুনৰ ভাৰতে এনে কাম কৰা প্ৰথমখন দেশৰ স্বীকৃতি লাভ কৰিব বুলি উল্লেখ কৰে এছ সোমনাথে ।

তদুপৰি চন্দ্ৰযান-৪এ চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি আহিব যদিও চন্দ্ৰযান-৪ এবাৰতে লান্স কৰা নহয় কাৰণ দুটা পৰ্যায়ত এই যান উৎক্ষেপন কৰা হব বুলিও ইছৰোৰ অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি ইছৰোয়ে এইবাৰ ডাকিঙ্গ ক্ষমতাৰে অৰ্থাত কেইবাটাও অংশ যোগ কৰি কৰি চন্দ্ৰযান নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে । এই বছৰৰ শেষভাগলৈ ইছৰোৱে স্পেচডেস্ক নামৰ এক বিশেষ মিশ্যন স্থিৰ কৰিছে । এই চন্দ্ৰযান-৪ৰ মুখ্য কাম হব চন্দ্ৰপৃষ্ঠৰ পৰা বিভিন্ন নমুনা পৃথিৱীলৈ লৈ অহা ।

Leave A Reply