২০২২ চনতে ভাৰত সন্মুখীন হ’ব দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ , এইবাৰো ফলিয়াব নেকি বাবা ভাংগাৰ ভৱিষ্যতবাণী?

বাবা ভাংগা। ২৬ বছৰ আগতেমৃত্যু ঘটা বুলগেৰিয়াৰ এইগৰাকী ভৱিষ্যতদ্ৰষ্টা বাবা ভাংগাৰ কথাবোৰ বিগত দিনত আখৰে আখৰে ফলিয়াইছে। বাবা ভাংগাই ৯/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু ব্ৰেক্সিটৰ দৰে গুৰুত্বপূৰ্ণ ঘটনাৰ ভৱিষ্যতবাণী কৰিছিল আৰু সেয়া ফলিয়াইছেও।ভাৰতৰ বিষয়ে বাবা ভাংগাই কৰি থৈ যোৱা ভৱিষ্যতবাণীয়ে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে। তেওঁৰ ভৱিষ্যতবাণী অনুসৰি ভাৰতে ২০২২ চনত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সাক্ষী হ’বলৈ গৈ আছে। তেওঁ ভৱিষ্যতবাণী কৰিছিল যে ফৰিঙৰ জাকে শস্য আৰু কৃষিক্ষেত্ৰত আক্ৰমণ কৰিব, যাৰ ফলত ভাৰতত দুৰ্ভিক্ষ হ’ব।

বুলগেৰিয়ান ৰহস্যবাদীজনে কৈছিল যে এই বছৰ পৃথিৱীত তাপমাত্ৰা হ্ৰাস পাব, যাৰ ফলত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। লক্ষ্যণীয়ভাৱে ২০২০ চনত ৰাজস্থান, গুজৰাট আৰু মধ্য প্ৰদেশ ৰাজ্যত ফৰিঙৰ বৃহৎ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।বাবা ভাংগাৰ প্ৰকৃত নাম আছিল ভেঞ্জেলিয়া গুষ্টেৰোভা। তেওঁৰ উদ্ভট ভৱিষ্যতবাণীৰ বাবে তেওঁক ‘বলকানৰ নষ্ট্ৰাডামাছ’ বুলি কোৱা হৈছিল।

১৯১১ চনত জন্ম গ্ৰহণ কৰা বুলগেৰিয়ান ৰহস্যবাদীগৰাকীয়ে দাবী কৰিছিল যে তেওঁ ঈশ্বৰৰ পৰা এটা অতি বিৰল উপহাৰ লাভ কৰিছিল ,যিয়ে তেওঁক ১২ বছৰ বয়সত এক ধুমুহাৰ সময়ত দৃষ্টি শক্তি হেৰুওৱাৰ পিছত ভৱিষ্যত দেখা পাবলৈ সক্ষম কৰি তুলিছিল।

মৃত্যুৰ ঠিক আগতে বাবা ভাংগাই কেইবাটাও ভৱিষ্যতবাণী এৰি গৈছিল ।
শেহতীয়াকৈ ভাৰতকলৈ কৰা ভৱিষ্যতবাণীৰ বাবে পুনৰ চৰ্চালৈ আহিছে এইগৰাকী মহিলা। তেওঁ ১৯৯৬ চনৰ পূৰ্বেই কৰা প্ৰায় সংখ্যক ভৱিষ্যতবাণী এতিয়া আখৰে আখৰে ফলিয়াইছে। তেওঁ যি কৈছিল, সেয়াই প্ৰমাণিত হৈছে সত্য হিচাপে। পিছে ভৱিষ্যতৰ কথা কোৱা এইগৰাকী মহিলা প্ৰকৃততে কোন?

১৯১১ চনৰ ১১ জানুৱাৰীত বুলগেৰিয়াত জন্মগ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীক জনা যায় বাবা ভাংগা হিচাপে। মহিলাগৰাকীৰ ভৱিষ্যবাণীৰ ওপৰত চলিছে গৱেষণা। আনকি আচৰিত হৈ পৰিছে বিজ্ঞানীসকলো।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰা মতে, ১২ বছৰ বয়সত গোচটেৰ’ভা এদিন আবদ্ধ হৈ পৰিছিল ধুমুহাৰ মাজত। ফলত দৃষ্টিশক্তি হেৰুৱাই গোচটেৰ’ভাই। আৰু হৈ পৰিছিল অজ্ঞান। কিন্তু তেতিয়াই গোচটেৰ’ভা লাভ কৰিলে বিশেষ শক্তি। কৰি গৈছিল ইটোৰ পিছত সিটো ভৱিষ্যতবাণী। ১৯৯৬ চনত ৮৫ বছৰ বয়সত মৃত্যু হৈছিল বাবা ভাংগাৰ। কিন্তু তাৰ পূৰ্বে বাবা ভাংগাই কৰি গৈছে ভৱিষ্যতাণী। আৰু সময়ে সময়তে সঁচা প্ৰমাণিত হৈছে ভৱিষ্যতবাণী।

ছোভিয়েট ৰাছিয়াৰ ভংগ,ৰাণী ডায়েনাৰ মৃত্যু,৯ \ ১১ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২০০৪ চনত ভাৰত মহাসাগৰত হোৱা ছুনামী আদি ভৱিষ্যবাণী সঁচা প্ৰমাণিত হৈছে। বাবা ভাংগাই কৈছিল আমেৰিকাৰ এগৰাকী ৰাষ্ট্ৰপতি আফ্ৰিকান আমেৰিকান হ’ব। আৰু ফলিয়াইছিল এই ভৱিষ্যতবাণী। ২০২১ত ইউৰোপত হ’ব ৰাসায়নিক আক্ৰমণ। ফলত ক্ষতিগ্ৰস্ত হ’ব ইউৰোপৰ অৰ্থব্যৱস্থা।বিশ্ব শাসন কৰিব চীনে। একত্ৰিত হ’ব ৰাছিয়া আৰু ভাৰতৰ সৈতে।বিশ্বত বহু প্ৰাকৃতিক দুৰ্যোগ হ’ব। হ’ব সৰ্বোচ্চ হাৰত হিংসা।বিশ্বাসকলৈ মানুহৰ মাজত বিভাজন আহিব।প্ৰায় শেষ হৈ যাব পেট্ৰ’লৰ উত্‍পাদন আৰু পৃথিৱীয়ে জিৰণী ল’ব।২০২১ত লাভ কৰিব কৰ্কট ৰোগৰ ঔষধ। আৰু বিশ্ববাসী মুক্ত হ’ব কৰ্কট ৰোগৰ পৰা।২০২১ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যাৰ পৰিকল্পনা কৰা হ’ব। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডলাল্ড ট্ৰাম্প ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব।ৰাছিয়াৰ আশে পাশে পৰিব এটা বৃহত্‍ উল্কাপিণ্ড। লগে লগে প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰিব বিশ্ব।৫০৭৯ চনলৈকে ভৱিষ্যবাণী কৰিছে বাবা ভাংগাই। ২০২৮ ত অৱসান ঘটিব ৱৰ্ল্ড হাংগাৰ। বাবাৰ মতে, ৫০৭৯ ত ধ্বংস হ’ব পৃথিৱী। এতিয়া সময়ে সময়ে গম পোৱা যাব, কিমান সঁচা হয় বাবা ভাংগাৰ ভৱিষ্যতবাণী।

Related Articles