Breaking

লাডাখত অঘটনঃ নদী পাৰ হওঁতে টেংকসহ উটি গ’ল ভাৰতীয় সেনা জোৱান, ৫ জন জোৱানৰ মৃত্যু…

0 17

লাডাখত অঘটন। লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হওঁতে পানীৰ সোঁতে উটুৱাই নিলে পাঁচজন জোৱানক। টি-৭২ টেংকৰ সৈতে জোৱান কেইজন পানীত উটি যায়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে উটি যোৱা আটাইকেইজন জোৱানৰে মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ৪ জন জোৱান আৰু এজন কনিষ্ঠ কমিচনেড অফিচাৰ আছে। শুকুৰবাৰে গভীৰ নিশা লাডাখৰ নেওমা-চুশাল অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হৈ আছিল পাঁচজন জোৱানে। টি-৭২ টেংকত আছিল তেওঁলোক। হঠাৎ নদীত বান আহে আৰু সকলোকে উটুৱাই লৈ যৈায়। নিমিষতে চেংকসহ জোৱানকেইজন অদৃশ্য হৈ পৰে। লগে লগে তেওঁলোকৰ সন্ধান আৰম্ভ হ’ল। অৱশেষত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স হেণ্ডেলত লিখিছে, “লাডাখৰ নদী পাৰ হৈ থকাৰ সময়তে হোৱা দুৰ্ভাগ্যজনক দুৰ্ঘটনাত পাঁচজন সাহসী ভাৰতীয় সৈনিকে প্ৰাণ হেৰুৱাইছে। ঘটনাটোত মই গভীৰভাৱে ব্যথিত। আমাৰ বীৰ জোৱানসকলৰ জাতিৰ বাবে কৰা সেৱা আমি কেতিয়াও পাহৰিব নোৱাৰো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনালো। এই কঠিন সময়ত দেশ তেওঁলোকৰ সৈতে আছে। এজন কনিষ্ঠ কমিচনড অফিচাৰকে ধৰি ৫ জন জোৱান কঢ়িয়াই নিয়া সেনাবাহিনীৰ এখন টেংক বানত উটি যায়। ফলত সকলোৰে মৃত্যু হ’ল।”

Leave A Reply