মিত্ৰজোঁট চৰকাৰৰ অৰ্থ হ’ল উমৈহতীয়া বুজাবুজি বা এজেণ্ডাৰ ভিত্তিত এটাতকৈ অধিক ৰাজনৈতিক দল বা গোট একত্ৰিত(Indian Coalition Politics) হোৱা আৰু চৰকাৰ গঠন কৰা। সাধাৰণতে যেতিয়া সংসদীয় গণতন্ত্ৰত এটা দলে একক সংখ্যা গৰিষ্ঠতা নেপায় তেতিয়া এটাকৈও অধিক দল লগ হৈ এটা বহু দলীয় জোট বন্ধন কৰে আৰু এই বহু দলীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰে।
কেতিয়াবা এনে মিত্ৰজোঁট নিৰ্বাচনৰ আগতেও কৰিব পাৰে, আৰু কেতিয়াবা প্ৰয়োজন হলে নিৰ্বাচনৰ পিছতো এনে মিত্ৰগোট গঠন কৰি চৰকাৰ গঠন কৰে।
সাধাৰণতে মিত্ৰজোঁটৰ চৰকাৰসমূহৰ এটা কাঠামো থাকে যাৰ ভিতৰত থাকি সকলো দলেই কাম কৰে বা কৰিব লাগে। কেতিয়াবা সাধাৰণ নিৰ্বাচনৰ পিছত কোনো দলে যদি নিৰ্ণায়ক সদস্য জিকাই আনিব নোৱাৰে আৰু তেতিয়া আঞ্চলিক দল বা অন্যান্য দলৰ লগত মিত্ৰজোঁট গঠন কৰি কেন্দ্ৰতেই হওক অথবা ৰজ্যতেই হওক চৰকাৰ গঠন কৰে বা কৰিব পাৰে।
এই ক্ষেত্ৰত আঞ্চলিক দল হলেও ৰাষ্ট্ৰীয় ৰাজনীতিত সমানে অংশ গ্ৰহণ কৰি মন্ত্ৰী হৈ সমগ্ৰ ৰাষ্ট্ৰতেই কাম কৰিব পাৰে বা কৰাৰ সুযোগ পায়। এই ক্ষেত্ৰত আঞ্চলিক দল সমূহে মিত্ৰজোঁটৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত সমানে সমানে কাম কৰিলেও নিজৰ আত্ম অভিমান ৰক্ষা কৰি চলিলে বৃহৎ ৰাষ্ট্ৰীয় দলৰ কাৰ্পেটৰ তললৈ ঠেলি নিব নোৱাৰে।
কিন্তু যদি আঞ্চলিক দলে বৃহৎ ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰ জোত কৰি নিজৰ স্ব অভিমান আৰু আঞ্চালিকতা বাদক বিসৰ্জন দিয়ে তেন্তে এনে আঞ্চলিক দলে নিজৰ স্বকীয়তা হেৰুৱায় আৰু নিজৰ অঞ্চলত বা ৰাজ্যত ৰাইজৰ মাজত বিশ্বাস যোগ্যতা কমি যায়।
কিছুমান আঞ্চলিক ৰাজনৈতিক দল নিজ ৰাজ্যৰ স্থায়ী বৈশিষ্ট্য হৈ পৰা দেখা যায় কিন্তু নিজ গৃহ ৰাজ্যৰ বাহিৰত এনে আঞ্চলিক দলৰ শক্তি কম বা একেবাৰেই নাথাকিবও পাৰে। তামিলনাডুৰ ডিএমকে আৰু এআইএডিএমকে, অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম, পঞ্জাৱৰ আকালি দল, অসমত অসম গণপৰিষদ আৰু জম্মু-কাশ্মীৰত নেশ্যনেল কনফাৰেন্স ইত্যাদি দলসমূহৰ ৰাষ্ট্ৰীয় ৰাজনীতিত শক্তিশালী ভূমিকা নাথাকিলেও নিজৰ নিজৰ গৃহ ৰাজ্যত যথেষ্ট শক্তিশালী ভূমিকা লৈ থকা দেখা যায়।
তামিলনাডুত প্ৰধান আঞ্চলিক ৰাজনৈতিক দল দুটা হ’ল ডিএমকে আৰু এআইএডিএমকে। স্বাধীনতাৰ পিছৰে পৰা তামিলনাডু ৰাজ্যৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহে আধিপত্য বিস্তাৰ কৰি আহিছে। ১৯৪৪ চনত জাষ্টিচ পাৰ্টী নামৰ দলটোক পুনৰ সংগঠিত কৰা হয় দ্ৰাবিদা কাঝাগম (ডিকে) নামেৰে আৰু ইয়াৰ নেতৃত্ব গ্ৰহণ কৰে ই ভি ৰামাস্বামী নাইকাৰে।
দল গঠন কৰিয়েই দলটোৰ মুৰব্বীয়ে দ্ৰাবিড় পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ বাবে স্বতন্ত্ৰ দ্ৰাবিদাস্তান হোৱাৰ লক্ষ্য ঘোষণা কৰে আৰু লক্ষ্যত উপনীত হবলৈ সংগঠনৰ বিস্তাৰ আৰম্ভ কৰে। ১৯৪৯ চনত এই দলটোৰ পৰা কাৰিজমাটিক চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ চি এন আন্নদুৰাইয়ে তেওঁৰ অনুগামীসকলৰ সৈতে দল এৰি গুচি যায় আৰু এটা নতুন দল ডিএমকে প্ৰতিষ্ঠা কৰে। ১৯৬০ চনৰ মাজভাগত হিন্দীক চৰকাৰী জাতীয় ভাষা হিচাপে জাপি দিয়াৰ প্ৰচেষ্টাক সফলতাৰে পৰাস্ত কৰা আন্দোলনত ডিএমকেৰ বিশিষ্ট ভূমিকা আছিল।
এই আন্দোলনৰ মাজেদি তেখেতে দলটোক সু সংগঠিত কৰাত সফল হয় আৰু ১৯৬৭ চনৰ নিৰ্বাচনত আন্নাদুৰাইৰ নেতৃত্বত ডিএমকে তেতিয়াৰ মাদ্ৰাজ (এতিয়া তামিলনাডু) ৰাজ্যৰ শাসকীয় দলত পৰিণত হয়। তেখেতৰ দিনতেই মাদ্ৰাছ ৰাজ্যৰ নামটো সলনি কৰি তামিলনাডু ৰখা হয়। তেওঁৰ দিনতেই সংসদত ডিএমকে দলটো তৃতীয় বৃহত্তম বিৰোধী দলত পৰিণত হয়। ১৯৬৯ চনত আন্নাদুৰাইৰ মৃত্যুৰ পিছত এম কৰুণানিধিয়ে দল আৰু চৰকাৰৰ নেতৃত্ব লয়।
১৯৭২ চনত আন এগৰাকী জনপ্ৰিয় তামিল অভিনেতা এম ৰামচন্দ্ৰনে ডিএমকে দলত বিভাজন ঘটাই এআইএডিএমকে গঠন কৰে আৰু তেওঁৰ নেতৃত্বত ১৯৭৭ চনৰ পৰা ১৯৮৯ চনলৈ তামিলনাডুৰ শাসকীয় দল হিচাপে পৰিগণিত হয়। তেওঁৰ মৃত্যুৰ পিছত পুনৰ ডিএমকেয়ে তামিনাডুত চৰকাৰ গঠন কৰে। তাৰ পিছত জয়াললিতাৰ নেতৃত্বত পুনৰ তামিলনাডুত এআইডিএমকে দলে চৰকাৰ গঠন কৰে। ১৯৯৬ চনৰ নিৰ্বাচনত ডিএমকে পুনৰবাৰ ক্ষমতা দখল কৰে।
কিন্তু ২০০১ আৰু ২০১১ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ জয়াললিতাৰ নেতৃত্বত এআইএডিএমকে দলে জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত এম কে ষ্টালিনৰ নেতৃত্বত ডিএমকেয়ে নিৰ্বাচনত জয়লাভ কৰে। কাৰ্যতঃ এই আঞ্চলিক দল দুটাই পৃথক পৃথক নেতৃত্বৰ অধীনত ৰাজ্য খনত চৰকাৰ গঠন কৰি আহিছে।
অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছ দলক দুৰ্গ হিচাপে গণ্য কৰা হৈছিল কাৰণ কংগ্ৰেছে তিনি দশক ধৰি ৰাজ্যখনত অবিৰতভাৱে শাসন কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল তেলেগু দেশম দলে এই ধাৰা ভংগ কৰিছিল। ১৯৮২ চনত এন টি ৰামা ৰাৱে তেলেগু দেশম দল গঠন কৰে আৰু ৯ মাহৰ ভিতৰতে দলটোৱে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহে।
১৯৮৯ চনত কেন্দ্ৰত নেশ্যনেল ফ্ৰণ্টৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনত তেলেগু দেশম দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ পিছত ১৯৯৪ চনৰ নৱেম্বৰ মাহত পুনৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰি অন্ধ্ৰপ্ৰদেশত ক্ষমতালৈ আহিছিল তেলেগু দেশম পাৰ্টী। ১৯৯৯ চনৰ বিধানসভা নিৰ্বাচনত তেলেগু দেশম দলে এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত ক্ষমতা অক্ষুণ্ণ ৰাখিছিল।
পুনৰ ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত এন চন্দ্ৰবাবু নাইডুৰ অধীনত তেলেগু দেশম দল পুনৰ ক্ষমতালৈ আহে। ইতিমধ্যে ২০১৪ চনত অন্ধপ্ৰদেশৰ পৰা পৃথক কৰি তেলেংগানা ৰাজ্যৰ জন্ম হয়। সেই বছৰতেই অৰ্থাৎ ২০১৪ চনত তেলেংগনাটো আন এটা আঞ্চলিক ৰাজনৈতিক দল তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। পুনৰ ২০১৮ চনত নতুন ৰাজ্য তেলেংগানাত, তেলেংগানা ৰাষ্ট্ৰ সমিতি ক্ষমতালৈ আহে আৰু ৰাজ্যত দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰে।
শিৰোমণি আকালি দল পঞ্জাৱৰ এটা আঞ্চলিক ৰাজনৈতিক দল। কংগ্ৰেছৰ পিছতেই ১৯২০ চনত প্ৰতিষ্ঠা কৰা এটা বহু পুৰণি ৰাজনৈতিক দল। এই দলটো ভাৰতৰ দ্বিতীয় পুৰণি দল বুলি স্বীকৃতি প্ৰাপ্ত ৰাজনৈতিক দল। ভাৰত পাকিস্তানৰ বিভাজনৰ সময়ত আকালি দলে স্বতন্ত্ৰ শিখস্তান বিচাৰি দাবী জনাইছিল আৰু প্ৰচাৰ চলাইছিল আৰু দলটো তাৰ ওপৰত ভিত্তি কৰিয়েই সংগঠিত কৰিছিল।
কিন্তু ১৯৫০ চনত স্বাধীন ভাৰতত ভাষাৰ ভিত্তিৰ ৰাজ্য পুনৰ্গঠন প্ৰক্ৰিয়াত পাঞ্জাৱী ভাষীৰ বাবে পাঞ্জাবক সুকীয়া ৰাজ্যৰ মৰ্য্যদা দিয়াত এই আন্দোলনে সাম কাটে। ১৯৬২ চনত প্ৰথম বাৰৰ বাবে পাঞ্জাব বিধান সভাত আকালি দলে ১৫৪ খন বিধান সভা আসনৰ মাজত ১৬ জন বিধায়ক নিৰ্বাচিত কৰি পঠিয়াই আৰু মুখ্য বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। তাৰ পিছত পুনৰ ১৯৬৭ চনত ২৪খন আসনত বিজয়ী হয় আৰু সেইবাৰ ওলমা বিধান সভা হয় আৰু ১৯৬৮ চনত বিধান সভা ভংগ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়।
পুনৰ ১৯৬৯ চনত বিধান সভা নিৰ্বাচন হয় আৰু আকালি দলে ৪৩ জন বিধায়ক জিকাই আনিলেও কোনো দলে সংখ্যগৰিষ্ঠতা নোপোৱাৰ বাবে পুনৰ ১৯৭১ চনত পাঞ্জাৱ বিধানসভা ভংগ কৰা হয় আৰু ১৯৭২ চনত পুনৰ নিৰ্বাচন হয় আৰু আকালি দলে মাত্ৰ ২৪ আসন পাবলৈ সক্ষম হয়। এই গোটেই সময় চোৱাত কংগ্ৰেছ দল, পাঞ্জাৱত শাসিত দল আছিল।
১৯৭৭ চনৰ নিৰ্বাচনত আকালি দলে জনতা পাৰ্টীৰ লগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। কিন্তু আকালি দলে মিত্ৰ জোতৰ চৰকাৰ চলাব নোৱাৰিলে আৰু ১৯৮০ চনত চৰকাৰৰ পতন হয়। পুনৰ ১৯৮০ চনত কংগ্ৰেজে চৰকাৰ গঠন কৰে। তাৰ পিছত ১৯৮৫ চনত প্ৰথম বাৰৰ বাবে আকালি দলে অকলে চৰকাৰ গঠন কৰে কিন্তু ১৯৮৭ চনত চৰকাৰ ভংগ হয় আৰু ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়।
১৯৯২ চনত কংগ্ৰেছৰ হাতত আকলি দল পুনৰ পৰাস্ত হয় আৰু সেইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰে। ২০০৭ চনত শিৰোমণি আকালি দল মিত্ৰ জোটৰ সৈতে লগলাগি পাঞ্জাৱৰ বিধান সভাৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ আহে। মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় প্ৰকাশ সিংহ বাদল। ২০১২ চনত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত পুনৰ শিৰোমণি আকালি দল আৰু ইয়াৰ মিত্ৰজোঁটে জয়লাভকৰে। কিন্তু ২০২২ চনত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত নতুন আঞ্চলিক দল, আম আদমী পাৰ্টিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু চৰকাৰ গঠন কৰে। ২০২২ চনত আম আদমি পাৰ্টি দিল্লী আৰু পাঞ্জাৱৰ আঞ্চলিক দল হিচাপে স্বীকৃত আছিল।
এটি দীঘলীয়া সংগ্ৰামৰ অন্তত ১৯৮৫ চনত ‘অসম গণ পৰিষদ’ নামেৰে অসমত এটা আঞ্চলিক দলৰ জন্ম হয়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত অবৈধ বিদেশী বহিষ্কাৰ আন্দোলন হৈছিল আৰু ১৯৮৫ চনত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ সন্মুখত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আন্দোলনকাৰী নেতাৰ মাজত ‘অসম চুক্তি’ নামেৰে এখন চুক্তি সম্পাদিত হয় আৰু তাৰ লগে লগেই আন্দোলনকাৰী নেতা সকলে লগলাগি ‘অসম গণ পৰিষদ’ নামেৰে এটা ৰাজনৈতিক দলৰ জন্ম দিয়ে আৰু লগে লগেই অসম বিধানসভাৰ নিৰ্বাচনত অংশ লৈ এখন মিত্ৰজোঁটৰ চৰকাৰৰ গঠন কৰে আৰু তেতিয়াৰ ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰে।
যি অবৈধ বিদেশী বিষয় লৈ আন্দোলন হৈছিল, আৰু অসম চুক্তি সম্পাদিত হৈছিল সেই চুক্তি মতে অসম গণ পৰিষদ চৰকাৰে কাম কৰিব নোৱাৰিলে। চুক্তি মতে তথাকথিত অবৈধ বিদেশী নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত আৰু বহিষ্কাৰ কৰাত দায়িত্ব আসম গণ পৰিষদে কাৰ্যকৰী কৰিব পৰা নাছিল, কাৰণ ইতিমধ্যেই সংসদে অবৈধ বিদেশী প্ৰমাণ কৰাটো অধিক কঠিন কৰি তোলা এখন আইন প্ৰণয়ন কৰিছিল।
যি অসম চুক্তিৰ গইনা লৈ অসম গণ পৰিষদ গঠন হৈছিল আৰু অসম চুক্তি কাৰ্যকৰী কৰিম বুলি কথা দি অসম গণ পৰিষদে নিৰ্বাচন খেলি চৰকাৰ গঠন কৰিছিল, সেই চুক্তিখন কাৰ্যকৰী কৰাত অসম গণ পৰিষদ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছিল। ইয়াৰ ফলত অসম গণ পৰিষদৰ জনসমৰ্থন হ্ৰাস পায় আৰু ১৯৯০ চনৰ নৱেম্বৰ মাহত চৰকাৰখনক বৰ্খাস্ত কৰা হয় আৰু ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰা হয়। ক্ষমতাৰ পৰা আঁতৰি অহাৰ পিছত আভ্যন্তৰীণ কাজিয়াৰ ফলত অসম গণ পৰিষদ দুৰ্বল হৈ পৰে।
পিছত ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত দলটোৰ কিছু সদস্য আঁতৰি আহি নতুন অসম গণ পৰিষদ গঠন কৰে। ফলত সেই বছৰ অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত দলটোৱে মুখ থেকেচা খায়। কিন্তু ১৯৯৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে পুনৰ ক্ষমতালৈ উভতি আহিবলৈ সক্ষম হয়। ২০১৪ চনৰ পৰা অসম গণ পৰিষদ দলটো ভাৰতীয় জনতা পাৰ্টীৰ এটা সহযোগী দল হৈ আছে আৰু শাসনত আছে।
শ্বেখ মহম্মদ আব্দুল্লাই জম্মু আৰু কাশ্মীৰত নেশ্যনেল কাউন্সিল নামেৰে এটা আঞ্চলিক দলৰ প্ৰতিষ্ঠা কৰে।
মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ফাৰুক আব্দুল্লা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হয়। ১৯৮০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় সন্মিলনে জম্মু-কাশ্মীৰৰ প্ৰভাৱশালী দল হৈয়েই থাকিল আৰু বেছিভাগ সময় ৰাজ্য চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিলে। ১৯৮৭ চনৰ ৰাজ্যিক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দ্য নেচনেল কনফাৰেন্সে জয়লাভ কৰে আৰু চৰকাৰ গঠন কৰে। জম্মু-কাশ্মীৰৰ আন এটা আঞ্চলিক দল হৈছে পিপলছ ডেম’ক্ৰেটিক পাৰ্টি। ১৯৯৯ চনত মহম্মদ ছাইদে প্ৰতিষ্ঠা কৰিছিল পিপলছ ডেম’ক্ৰেটিক পাৰ্টি। ২০০২ চনৰ অক্টোবৰ বিধানসভা নিৰ্বাচনত এই দলে জম্মু-কাশ্মীৰৰ ক্ষমতাও দখল কৰিছিল।
মেঘালয় ৰাজ্যত নেশ্যনেল পিপলচ পাৰ্টি এটা মেঘালয়ৰ আঞ্চলিক দল। এই দলৰ দলপতি কাৰণেড চাংমা ডাঙৰীয়াই ২০১৮ চনৰ পৰা শাসকীয় দল হৈ আছে। যদিও কৰনেড চংমাৰ নেশ্যনেল পিপলেছ পাৰ্টি মেঘালয় বিধান সভাত সংখ্যা গৰিষ্ঠ দল নহয় কিন্তু এই দলে আন দুটা আঞ্চলিক দল ক্ৰমে ইউনাইটেড ডেমক্ৰেতিক পাৰ্টি, হিল ষ্টেট পিপলছ ডেমক্ৰেতিক পাৰ্টি আৰু ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত এখন মিত্ৰ দলৰ চৰকাৰ চলাই আছে।
অসমত বহুত আঞ্চলিক দল আছে। ইয়াৰ ভিতৰত অসম গণ পৰিষদ, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰতিক পাৰ্টি (এআইইউডিএফ), বড়োলেণ্ড পিপলচ পাৰ্টি(বিপিএফ), ইউনাইটেড পিপলচ পাৰ্টি লিবাৰেল(ইউপিপিএল), ৰাইজৰ দল, অসম জাতীয় পৰিষদ ইত্যাদি। ইয়াৰ উপৰি কিছু সৰু সৰু আঞ্চলিক দল আছে, যিবিলাক দলৰ অস্তিত্ব ৰাইজৰ মাজত সাধাৰণতে আলোচনা হোৱা দেখা নেযায়।
আঞ্চলিক গণ মৰ্চা (এজিএম), অসম ভাৰতীয় জনতা পাৰ্টী (এবিজেপি), বৰাক ডেমক্ৰতিক ফ্ৰণ্ট (বিডিএফ), প্লেইন ট্ৰাইবচ কাউন্সিল অব অসম (পিটিচিএ), ৰাভা জাতীয় ঐক্য মঞ্চ (আৰজেএএম), টিয়া জাতীয় ঐক্য মঞ্চ (টিজেএএম) আদি। ইয়াৰ উপৰি আৰু কিছু আঞ্চলিক দল অসমত আত্ম প্ৰকাশ কৰিছিল, কিন্তু এতিয়া এই দলসমূহ হয় কোনো দলৰ লগত লীন হৈ গৈছে অথবা বৰ্তমান ইয়াৰ অস্তিত্ব নাইকীয়া হৈছে।
যেনে, অল পিপলচ পাৰ্টি (এপিপি), বড়ো পিপলচ প্ৰগ্ৰেচিভ ফ্ৰণ্ট (বিপিপিএফ), তৃণমূল গণ পৰিষদ (টিজিপি), ইত্যাদি। গান মুক্তি সংগ্ৰাম মঞ্চ দলটি সদ্যহতে ৰাইজৰ দলৰ লগত, অসম লেবাৰ পাৰ্টি আম আদমি পাৰ্টীৰ লগত, ইউনাইটেড মাইনৰিতিচ ফ্ৰণ্ট (এআইইউডিএফ)ৰ লগত লীন হৈছে।
কেইগৰাকিমান সদাসয় ব্যক্তিয়ে সদ্যহতেপূৰ্বাঞ্চলীয় লোক পৰিষদ (পিএলপি) দলটি পুনৰ কাৰ্য্যকৰী কৰিবলৈ প্ৰচেষ্টা চলাই আছে। ওপৰত আলোচনা কৰা সৰু সৰু আঞ্চলিক দলসমূহে সাধাৰণতে নিৰ্বাচনসমূহত ভাগ লোৱা দেখা নেযায়। ভাৰতৰ ৰাজনীতিত অথবা অসমৰ ৰাজনীতিত এই সৰু সৰু আঞ্চলিক দলসমূহে কোনো ধৰণৰ প্ৰভাৱ পেলোৱা দেখা নেযায়।
ডাঃ ভবেন চৌধুৰী (Dr. Bhaben Chowdhury)