Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল

ওড়িশা, ২০ অক্টোবৰ : দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ(Indian Lighthouse Festival) শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইট হাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) লাইট হাউচ ফেষ্টিভেলতে পাৰা দ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱানৰী ফলাইট হাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

এই অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়েও অংশগ্ৰহণ কৰে। সোণোৱালে ঘোষণা কৰে যে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে লাইট হাউচৰ চাৰিওফালে থকা উপকূলীয় সম্প্ৰদায়সমূহৰ সবলীকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব যাতে তেওঁলোকক ভাৰতৰ সামুদ্ৰিক খণ্ডৰ সমৃদ্ধ ঐতিহ্য বহন কৰি অহা লাইট হাউচবোৰৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত সমান্তৰালকৈ দায়বদ্ধ কৰি তোলা হয়। ওড়িশাৰ উপকূলত দুটা নতুন লাইট হাউচ স্থাপনৰ কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে।(Lighthouse Tourism & Heritage)

এটা নাৰায়ণপুৰৰ চৌমুকত আৰু আনটো ভদ্ৰক জিলাৰ ধামৰাত স্থাপিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ভাৰতৰ সামুদ্ৰিক ঐতিহ্য উদযাপনেৰে আপোন দেশখনৰ ঐতিহ্য-সংস্কৃতিৰ সাক্ষী হোৱাৰ আমি যত্ন কৰিছোঁ। লাইট হাউচসমূহ দেশৰ সামুদ্ৰিক খণ্ডৰ আকৰ্ষণীয় পৰ্যটনৰ কেন্দ্ৰবিন্দু। ওড়িশাৰ ঐতিহ্যমণ্ডিত পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ শুভ উদ্বোধনৰ লগতে বিভিন্ন বন্দৰ প্ৰকল্প তথা লাইট হাউচ প্ৰকল্পৰ শুভ উদ্বোধনে দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত লাইট হাউচ পৰ্যটনৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰি আহিছোঁ।

ইতিমধ্যে আজাদীকা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ৭৫টা লাইট হাউচ পৰ্যটনস্থলী হিচাপে বিকশিত কৰা হৈছে, যাৰ সৈতে সংলগ্ন আছে সংগ্ৰহালয়, ৰংগমঞ্চ, মুকলি থিয়েটাৰ, কেফেটেৰিয়া, শিশু উদ্যান আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে পৰিৱেশ-অনুকূলকুটিৰ।”সোণোৱালে লগতে কয়, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত যথেষ্ট সুযোগ-সম্ভাৱনা আছে, যাক আমি নতুন ৰূপত উজ্জীৱিত কৰাত বিশেষ অগ্ৰাধিকাৰ দি আহিছোঁ। এই দিশৰ গুৰুত্ব উপলব্ধি কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ জলপথ খণ্ডত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ সৈতে লাইট হাউচ স্থাপনৰ দিশ অন্বেষণত আমি যোগাত্মকভাৱে গুৰুত্ব আৰোপ কৰিছোঁ।”(Preservation and conservation of Lighthouse)

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল, য’ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতিৰ বিশেষ অনুষ্ঠান পৰিৱেশন কৰা হয়। তদুপৰি, পাপনৰ সুমধুৰ গীতৰ পৰিৱেশনে সমগ্ৰ অনুষ্ঠানটোক দিয়ে অন্য এক মাত্ৰা। “তাহানিতে জগন্নাথ-পুৰীলৈ তীৰ্থ ভ্ৰমণলৈ অহা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কৰ্মসূত্ৰে ওড়িশাত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে মহান ব্যক্তিসত্তাই ওড়িশা আৰু অসমৰ আধ্যাত্মিক, সাংস্কৃতিক, ঐতিহাসিক সম্পৰ্ক সুদৃঢ় কৰি থৈ গৈছে। এই সম্পৰ্ক যুগমীয়া কৰি ৰাখিবলৈ আমি দায়বদ্ধ”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে উল্লেখ কৰে।

৬০ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ৯খন উপকূলীয় ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৭৫টা আকৰ্ষণীয় লাইট হাউচ বিকশিত কৰা হৈছে। প্ৰতি টোলাইট হাউচ ঐতিহ্য আৰু পৰ্যটন দুয়োটাৰে এক সংমিশ্ৰণ হৈ পৰিছে। ওড়িশাতো লাইট হাউচ পৰ্যটনৰ প্ৰসাৰৰ বাবে পাঁচটা লাইট হাউচ- গোপালপুৰ, পুৰী, চন্দ্ৰভাগ, পাৰাদ্বীপ আৰু ফলছপইণ্ট বিকশিত কৰা হৈছে। কেৱল ২০২৩-২৪ বিত্তীয় বৰ্ষতে এই ৭৫টা লাইট হাউচে ১৬ লাখ দৰ্শনাৰ্থীক আকৰ্ষিত কৰিছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ ভিতৰত ইতিমধ্যে ১০ লাখৰো অধিক দৰ্শনাৰ্থীৰ সমাগম হৈছে। “২০২৩-২৪ চনত লাইট হাউচত পৰ্যটকৰ সংখ্যা ২০১৩-১৪ চনৰ তুলনাত ৪০০% বৃদ্ধি হৈছে”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

দ্বিতীয় লাইট হাউচ ফেষ্টিভেলৰ বাবে ওড়িশাৰ পুৰীত উপস্থিত থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীলাদ্ৰী সমুদ্ৰতীৰত সতীৰ্থ আৰু বিষয়াসকলৰ সৈতে চাফাই অভিযানত অংশ লয়। লগতে সমুদ্ৰ পাৰৰ বলুকা শিল্প প্ৰত্যক্ষ কৰি আৰু স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি আনন্দ প্ৰকাশক ৰে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত চলি অহা স্বচ্ছতাৰ আন্দোলনে এখন পৰিষ্কাৰ-পৰিচ্ছন্ন ভাৰত গঢ়াৰ বাবে দেশবাসীক একত্ৰিত কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

উক্ত বিভিন্ন অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদা, কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী, পুৰীৰ সাংসদ সম্বিত পাত্ৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ওড়িশাৰ পুৰীস্থিত তালাবনিয়া ময়দানত আয়োজিত অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল উপকূলীয়া অঞ্চলৰ খাদ্য-সম্ভাৰ, বিনোদন উদ্যান, লোকনৃত্য আৰু সংগীতৰ অনুষ্ঠান, সমুদ্ৰপাৰৰ হাট, বলীউডৰ প্ৰসিদ্ধ গায়কৰ গীতৰ অনুষ্ঠানইত্যাদি।(Mohan Charan Majhi)

Related Articles