Breaking

ইণ্ডিয়ান মেডিচিন ফাৰ্মাচিউটিকেল কৰ্প’ৰেচন লিমিটেডে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে প্ৰায় ১০ কোটি টকাৰ ডিভিডেণ্ড চেক্

0 28

ইণ্ডিয়ান মেডিচিন ফাৰ্মাচিউটিকেল কৰ্প’ৰেচন লিমিটেড (আই এম পি চি এল) হৈছে আয়ুষ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নতুন দিল্লীত সাক্ষাৎ কৰে আৰু প্ৰায় ১০ কোটি টকাৰ ডিভিডেণ্ড আয়ুষ মন্ত্ৰালয়ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হাতত প্ৰদান কৰে। এই সময়ছোৱাত লগতে উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰভাই মুঞ্জপাৰা। প্ৰতিষ্ঠানটোৰ সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁলোকৰ উল্লেখনীয় সফলতাৰ বাবে সৰ্বানন্দ সোণোৱালে অভিনন্দন জনায় আৰু অনাগত দিনবোৰতো আয়ুষ খণ্ডৰ প্ৰসাৰত সবল ভূমিকা পালন কৰি যাবলৈ প্ৰতিষ্ঠানটোক সৰ্বানন্দ সোণোৱালে আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিশ্বজুৰি আয়ুষৰ বজাৰ দিনক-দিনে বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বতে ভাৰতৰ পৰম্পৰাগত ঔষধি তথা চিকিৎসা প্ৰণালী আৰু আয়ুষ সামগ্ৰীৰ গ্ৰহণযোগ্যতা তথা জনপ্ৰিয়তা বৃদ্ধি পাইছে। আয়ুষ ঔষধ প্ৰস্তুতকৰণত সবল ভূমিকা পালন কৰি অহা আই এম পি চি এল-এ আগন্তুক দিনত এইক্ষেত্ৰৰ এক অগ্ৰণী প্ৰতিষ্ঠানৰূপে উজলি উঠিব বুলি আমি আশাবাদী।”

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে প্ৰতিষ্ঠানটোক মিনি ৰত্ন শ্ৰেণী ২ৰ মৰ্যাদা প্ৰদান কৰিছে আৰু প্ৰতিষ্ঠানটো হৈছে আই এছ ও ৯০০১.২০১৫ প্ৰমাণপত্ৰপ্ৰাপ্ত। ইণ্ডিয়ান মেডিচিন ফাৰ্মাচিউটিকেল কৰ্প’ৰেচন লিমিটেডে ১৮টা আয়ুৰ্বেদিক সামগ্ৰীৰ বাবে ডি চি জি-ৰদ্বাৰা বিশ্ব স্বাস্থ্য সংস্থা- জি এম পি/চি ও পি পি প্ৰমাণপত্ৰ লাভ কৰিছে। প্ৰতিষ্ঠানটোৱে বৰ্তমান বিভিন্ন ৰোগৰ আৰোগ্যৰ বাবে ৬৫৬ বিধ ধ্ৰুপদী আয়ুৰ্বেদিক, ৩৩২টা ইউনানী আৰু ৭১টা স্বত্বাধিকাৰী আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰি আছে। আই এম পি চি এল-এ ক’ভিড-১৯ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবেও ঔষধ প্ৰস্তুত কৰিছিল আৰু আয়ুৰক্ষা কিট (ৰোগ প্ৰতিৰোধ বুষ্টাৰ কিট) যোগান ধৰিছে। প্ৰতিষ্ঠানটোৱে ক্ষিপ্ৰতাৰে আয়ুষ-৬৪ প্ৰস্তুত কৰি উলিয়াইছিল আৰু মহামাৰীৰ সময়ত দেশৰ সকলো ৰাজ্যক যোগান ধৰিছিল। প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অধীনত সকলো ৰাজ্যলৈ আয়ুৰ্বেদ আৰু ইউনানী ঔষধ যোগান ধৰি আছে। লগতে ৬০০০ জন ঔষধি কেন্দ্ৰলৈও ঔষধ যোগান ধৰিছে।

প্ৰতিষ্ঠানটোৰ টাৰ্ণএৰাউণ্ড আছিল ২০১৯-২০২০ বৰ্ষত ৯৭.০৪ কোটি টকাৰ বিপৰীতে ২০২০-২০২১ বৰ্ষত ১৬৪.০২ কোটি টকা, যি পৰৱৰ্তীকালত বৃদ্ধি পাইছে ২৬০.৮৪ কোটি টকালৈ। ২০২০-২০২১ বৰ্ষত কৰৰ পূৰ্বৰ লাভ আছিল ১৫.৬৯ কোটি টকা যি ২০২১-২০২২ বৰ্ষত ৪৫.৪১ কোটি টকালৈ বৃদ্ধি পাইছিল। এই বছৰ প্ৰতিষ্ঠানটোৱে ২০২১-২২ বৰ্ষৰ বাবে কৰৰ পৰৱৰ্তী লাভৰ ৩০% ডিভিডেণ্ড ঘোষণা কৰিছে যাৰ পৰিমাণ হৈছে ১০.১৩ কোটি টকা।

Leave A Reply

Your email address will not be published.