Breaking

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

1 29

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত কাইলৈ উত্তৰ-পূৱৰ দুই দল ছিলং লাজং এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব৷ ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিয়লি ৫.৩০ বজাত এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে ডুৰাণ্ড কাপৰ বিগত বৰ্ষৰ ৰানাৰ্ছআপ তথা ইণ্ডিয়ান ছুপাৰ লীগৰ কলকাতাৰ দল ইষ্ট বেংগল এফ চিক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চমক সৃষ্টিৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ছিলং লাজং এফ চিয়ে৷ আনহাতে, আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ২-০ গলৰ ব্যৱধানত ভাৰতীয় সেনাৰ ফুটবল দলক হৰুৱাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷

কাইলৈৰ মেচক লৈ আজি শ্বিলং লাজং এফ চিৰ মুখ্য প্ৰশিক্ষক জোচে হেভিয়াই কয় ‘এই খেলখন দলৰ লগতে ক্লাবৰ অনুৰাগী আৰু মেঘালয়ৰ জনতাৰ বাবে এখন বিশাল মেচ৷ আমি মেচখনৰ বাবে ভালদৰে প্ৰস্তুত আৰু অতি শক্তিশালী বিৰোধীৰ বিৰুদ্ধে আমি আমাৰ সম্পূৰ্ণ সামৰ্থৰে খেলিম৷ স্বাভাৱিকতে খেলখনৰ বাবে আমি উৎসাহিত আৰু আমি আমাৰ নিষ্ঠাবান অনুৰাগীৰ সন্মুখত আমাৰ নিজস্ব শৈলীৰ ফুটবল খেলিম৷ নৰ্থ ইষ্ট ইউনাইটেড এটা ভাল দল আৰু তেওঁলোকৰ বিৰুদ্ধে আমাৰ এখন ৰোমাঞ্চকৰ মেচ হ’ব৷’

ইফালে, আজি সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে কয় যে, ‘উৎসাহিত ফুটবল অনুৰাগীৰ সন্মুখত ইমান ডাঙৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত খেলাটো আমাৰ বাবে এক ডাঙৰ অভিজ্ঞতা৷ কাইলৈ ছিলঙৰ ষ্টেডিয়াম ভৰি থাকিব৷ আমাৰো সমৰ্থক গেলেৰীত থাকিব৷ আমি এনে ভৰ্তি ষ্টেডিয়ামৰ সন্মুখত খেলি ভাল পাওঁ৷ খেলুৱৈসকলক তেওঁলোকৰ আত্মাক উত্তোলন কৰাত সহায় কৰে আৰু খেলৰ পৰা ইতিবাচক ফলাফল লাভ কৰিবলৈ মুক্তভাৱে খেলিবলৈ সহায় কৰে৷’

ইফালে, কাইলৈ হাইভল্টেজ মেচৰ সকলো টিকট ইতিমধ্যে সমাপ্ত হৈছে৷ উল্লেখ্য যে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

Leave A Reply

Your email address will not be published.